নেশ্যনেল ডেস্ক, ২৬ আগষ্ট: অবৈধভাৱে ৰূপ সৰবৰাহ কৰিবলৈ গৈ ৰে'ল সুৰক্ষা বাহিনী(Railway Protection Force)ৰ জালত পৰিল দুজন লোক । বুধবাৰে ৰে'ল সুৰক্ষা বাহিনীয়ে ২২.১৮ কিলোগ্ৰাম ৰূপসহ দুয়োকে আটক কৰে । এটা বেগত ৰূপখিনি লুকুৱাই আনিছিল লোক দুজনে । ৰে'ল সুৰক্ষা বাহিনীৰ সন্দেহ হোৱাত দুয়োকে ৰখাই সোধা-পোছা কৰে আৰু তেওঁলোকে লগত অনা বেগৰ পৰা ৰূপখিনি জব্দ কৰে ।
কিন্তু ৰূপখিনিৰ বিশেষ তথ্য আগবঢ়াব পৰা নাছিল লোক দুজনে । ৰে'ল সুৰক্ষা বাহিনীয়ে এক বিবৃতিযোগে জনোৱা মতে, জব্দ কৃত ৰূপখিনিৰ মূল্য প্ৰায় ১৮ লাখ টকা । জেৰাৰ সময়ত লোক দুজনে কলকাতাৰ ছোভাবজাৰস্থিত এখন দোকানৰ পৰা ৰূপখিনি ক্ৰয় কৰাৰ কথা স্বীকাৰ কৰে । কৰ আদায়ৰ পৰা ৰক্ষা পৰিবলৈ এনেদৰে অবৈধভাৱে ৰূপ সৰবৰাহ কৰি আহিছিল লোক দুজনে ।