নেশ্যনেল ডেস্ক,২২ জুলাই :আজি ৭০ হাজাৰ যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব । ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিতৰণ কৰিব নিযুক্তি পত্ৰ । লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে যুৱক-যুৱতীসকলক ৰোজগাৰ মেলাৰ এই অনুষ্ঠানৰ জৰিয়তে সম্বোধন কৰিব । শুকুৰবাৰে এক বিবৃতিযোগে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই কথা প্ৰকাশ কৰিছে । এই ৰোজগাৰ মেলাখন সমগ্ৰ দেশৰে ৪৪ টা স্থানত আয়োজন কৰা হ'ব ।
এই নিযুক্তিবোৰ কেন্দ্ৰীয় চৰকাৰৰ বিভাগৰ লগতে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত কৰা হৈছে । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয় যে সমগ্ৰ দেশৰ পৰা নিৰ্বাচিত এই যুৱকসকলক বিভিন্ন পদত নিযুক্তি দিয়া হ'ব । এই যুৱক-যুৱতীসকলে ৰাজহ বিভাগ, বিত্তীয় সেৱা বিভাগ, ডাক বিভাগ, বিদ্যালয় শিক্ষা বিভাগ, উচ্চ শিক্ষা বিভাগ, প্ৰতিৰক্ষা মন্ত্ৰালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, জলসম্পদ বিভাগ, কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগ আৰু গৃহ মন্ত্ৰালয়কে ধৰি বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ চৰকাৰী চাকৰিত যোগদান কৰিব ।
ইফালে এই ৰোজগাৰ বা নিযুক্তি মেলা হৈছে নিযুক্তি সৃষ্টিক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়াৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ এক প্ৰয়াস । এই মেলাই অধিক নিযুক্তি সৃষ্টি আৰু যুৱসকলৰ সৱলীকৰণৰ বাবে অৰ্থপূৰ্ণ সুযোগ প্ৰদান কৰিব আৰু ৰাষ্ট্ৰীয় উন্নয়নত অংশগ্ৰহণৰ বাবে মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে ।