স্পৰ্টছ ডেস্ক,৭ জুলাই : ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি তথা বিজেপি সাংসদ ব্ৰীজ ভূষণ শৰণ সিঙৰ সন্মুখত এতিয়াহে সমস্যা আহিছে । ভাৰতীয় মহিলা মল্লযুঁজাৰুসকলৰ যৌন নিৰ্যাতনৰ গোচৰত তেওঁ অধিক সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে । দিল্লী আৰক্ষীয়ে দাখিল কৰা অভিযোগনামাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাউজ এভিনিউ আদালতে সাংসদগৰাকীক আৰু নিলম্বিত বিনোদ তোমাৰকো মাতি পঠিয়াইছে । দুয়োকে ১৮ জুলাইত আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে ।
আদালতৰ এই নিৰ্দেশৰ পাছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । একাংশ মল্লযুঁজাৰুৱে আনন্দিত হোৱাও দেখা গৈছে । অৱশ্যে সম্পূৰ্ণ ন্যায় নোপোৱা পৰ্যন্ত তেওঁলোকে যুঁজ দিয়াৰো প্ৰতিশ্ৰুতি দিছে ।
ইয়াৰ পূৰ্বে, শুনানিৰ সময়ত, আদালতে ৭ জুলাইত গোচৰটোৰ শুনানিৰ তাৰিখ নিৰ্ধাৰণ কৰিছিল । দিল্লী আৰক্ষীয়ে ১৫ জুনত ব্ৰীজ ভূষণৰ বিৰুদ্ধে আদালতত অভিযোগনামা দাখিল কৰিছিল । মুখ্য মেট্ৰ'পলিটান মেজিষ্ট্ৰেট (চিএমএম) মহিমা ৰায় সিঙে ২২ জুনত গোচৰটো এমপি-এমএলএ আদালতলৈ স্থানান্তৰ কৰিছিল । তেওঁ বিষয়টো এচিএমএম হৰজিৎ সিং জছপাললৈ প্ৰেৰণ কৰিছিল ।