নেশ্যনেল ডেস্ক,৫ জানুৱাৰী :দিল্লীৰ সুৰা নীতি কেলেংকাৰীৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰা আম আদমি পাৰ্টীৰ সাংসদ সঞ্জয় সিঙক পুনৰ ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অনুমতি দিছে । ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙৰ কাৰ্যকাল ২৭ জানুৱাৰীত শেষ হ'ব । দিল্লীৰ ৰাজ্যসভাৰ তিনিখন আসনৰ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ৯ জানুৱাৰীৰ ভিতৰত নিৰ্ধাৰণ কৰা হৈছে । এই আসনসমূহৰ ভোটগ্ৰহণ ১৯ জানুৱাৰীত অনুষ্ঠিত হ'ব ।
সঞ্জয় সিঙৰ উপৰিও, সুশীল গুপ্তা আৰু এন ডি গুপ্তা দিল্লীৰ আন দুগৰাকী ৰাজ্যসভাৰ সদস্য । তেওঁলোকৰ কাৰ্যকালো ২৭ জানুৱাৰীত শেষ হ'ব । কিন্তু এতিয়ালৈকে দলটোৱে কেৱল সঞ্জয় সিঙক প্ৰাৰ্থী হিচাপে প্ৰস্তুত কৰিছে । একে সময়তে, সঞ্জয় সিঙক দিল্লীৰ ৰাউজ এভিনিউ আদালতে ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰাৰ অনুমতিও প্ৰদান কৰিছে । দিল্লীৰ ৩ খন ৰাজ্যসভা আসন এইবাৰো আম আদমি পাৰ্টীৰ হাতত থকাৰ সম্ভাৱনা আছে । কিয়নো বিধানসভাৰ ৭০ গৰাকী বিধায়কৰ কেৱল আম আদমি পাৰ্টীৰে ৬২ গৰাকী আৰু বিজেপিৰ বিধায়ক ৮ গৰাকী ।