অসম

assam

ETV Bharat / bharat

সম্পূৰ্ণ প্ৰক্ৰিয়া সম্পন্ন নকৰিলে ৰহিংগীয়াসকলক বিতাড়িত কৰিব নোৱাৰিব: উচ্চতম ন্যায়ালয় - মুখ্য ন্যায়াধীশ এছ এ ববডেৰ নেতৃত্বত

মুখ্য ন্যায়াধীশ এছ এ ববডেৰ নেতৃত্বত এখন বিচাৰপীঠে বৃহস্পতিবাৰে জম্মুত আটকাধীন ৰহিংগীয়া শৰণাৰ্থীসকলক তাৎক্ষণিকভাৱে মুকলি কৰিবলৈ আৰু কেন্দ্ৰ চৰকাৰক ম্যানমাৰলৈ প্ৰেৰণ কৰাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ প্ৰদান কৰে । উল্লেখযোগ্য যে, কেন্দ্ৰ চৰকাৰে পূৰ্ৱে এই আবেদনৰ বিৰোধিতা কৰি কৈছিল যে, দেশখন অবৈধ অনুপ্ৰৱেশকাৰীৰ ৰাজধানী হ'ব নোৱাৰে ।

সম্পূৰ্ণ প্ৰক্ৰিয়া সম্পন্ন নকৰিলে ৰহিংগীয়াসকলক বিতাড়িত কৰিব নোৱাৰিব: উচ্চতম ন্যায়ালয়
সম্পূৰ্ণ প্ৰক্ৰিয়া সম্পন্ন নকৰিলে ৰহিংগীয়াসকলক বিতাড়িত কৰিব নোৱাৰিব: উচ্চতম ন্যায়ালয়

By

Published : Apr 8, 2021, 10:23 PM IST

নেশ্যনেল ডেস্ক,8 এপ্ৰিলঃউচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে এক ৰায়ৰ যোগেদি ঘোষণা যোগেদি সদৰি কৰে যে, জম্মুত আটক কৰা ৰহিংগীয়া সকলক স্থানান্তৰিত কৰাৰ সৰ্ন্দভত যাৱতীয় প্ৰক্ৰিয়া সম্পন্ন নকৰাকৈ ম্যানমাৰলৈ প্ৰেৰণ কৰিব নোৱাৰিব বুলি উল্লেখ কৰে ৷

মুখ্য ন্যায়াধীশ এছ এ ববডেৰ নেতৃত্বত এখন বিচাৰপীঠে বৃহস্পতিবাৰে জম্মুত আটকাধীন ৰহিংগীয়া শৰণাৰ্থীসকলক তাৎক্ষণিকভাৱে মুকলি কৰিবলৈ আৰু কেন্দ্ৰক ম্যানমাৰলৈ প্ৰেৰণ কৰাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ প্ৰদান কৰে । উল্লেখযোগ্য যে, কেন্দ্ৰ চৰকাৰে পূৰ্ৱে এই আবেদনৰ বিৰোধিতা কৰি কৈছিল যে, দেশখন অবৈধ অনুপ্ৰৱেশকাৰীৰ ৰাজধানী হ'ব নোৱাৰে ।

ন্যায়ালয়ত আবেদনকাৰীৰ হৈ উপস্থিত থকা অধিবক্তা প্ৰশান্ত ভূষণে কয় যে, ৰহিংগীয়া শিশুসকলক ম্যানমাৰৰ সামৰিক বাহিনীয়ে হত্যা, অপহৰণ আৰু যৌন শোষণৰ সন্মুখীন হৈছিল ৷ যি আন্তৰ্জাতিক মানৱ অধিকাৰ আইনকো অৱজ্ঞা কৰাৰ লগতে পালন কৰাত ব্যৰ্থ হৈছে । উল্লেখযোগ্য যে, ম্যানমাৰ সেনাৰ দ্বাৰা অকথিত হিংসাত্মক আক্ৰমণৰ ফলতে পশ্চিম ৰাখাইন ৰাজ্যৰ পৰা ভাৰত আৰু বাংলাদেশলৈ ৰহিংগীয়া জনজাতীয় লোকসকল অনুপ্ৰৱেশ কৰিবলৈ লৈছিল ৷

লগতে পঢ়কঃ ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী ক’ভিড-19ত আক্ৰান্ত

ABOUT THE AUTHOR

...view details