নেশ্যনেল ডেস্ক, 10 জানুৱাৰী:জলবায়ু পৰিৱৰ্তন দেশৰ লগতে বিশ্বৰ বাবে এক গুৰুতৰ সমস্যা হৈ পৰিছে । যাৰ বাবে কেৱল পৰিৱেশবিদসকল তথা বিজ্ঞানীসকলেও ভৱিষ্যতে আহিবলগীয়া প্ৰত্যাহ্বান সন্দৰ্ভত সতৰ্ক কৰি দিয়া পৰিলক্ষিত হৈছে । দেশৰ সচেতন নাগৰিকেও জলবায়ু পৰিৱৰ্তন আৰু প্ৰদূষণৰ বিৰুদ্ধে নিজাকৈ অভিযান আৰম্ভ কৰিছে ।
ৰোহন পৰিৱেশ সজাগতা অভিযান: মহাৰাষ্ট্ৰৰ নাগপুৰৰ বাসিন্দা 22 বছৰীয়া ৰোহনে পৰিৱেশ সজাগতাৰ বাবে আৰম্ভ কৰিছে পদযাত্ৰা । ৰোহনে ভাৰতৰ লগতে আন বহু দেশতো পদযাত্ৰা কৰাৰ লক্ষ্য বান্ধি লৈছে বুলি জানিব পৰা গৈছে । এতিয়ালৈকে ৰোহনে দেশৰ প্ৰায় 28 খন ৰাজ্যৰ উপৰিও নেপাল আৰু বাংলাদেশতো পদযাত্ৰা কৰিছে বুলি জানিবলৈ দিছে । বৰ্তমান পৰ্যন্ত 21 হাজাৰ কিলোমিটাৰ যাত্ৰা অতিক্ৰম কৰিছে ৰোহনে ।
পৰিবেশ ৰক্ষা কৰাৰ স্বাৰ্থত পদযাত্ৰা পৰিবেশ ৰক্ষা কৰাৰ স্বাৰ্থত পদযাত্ৰা খোজকাঢ়ি 28 খন ৰাজ্য ভ্ৰমণ ৰোহনৰ: মহাৰাষ্ট্ৰৰ নাগপুৰ চহৰত বাস কৰা ৰোহন আগৰৱালাই তিনি বছৰ পূৰ্বে বিশ্ব ভ্ৰমণৰ বাবে ৰাওনা হৈছিল মানুহক পৰিবেশ সম্পৰ্কে সজাগ কৰাৰ লক্ষ্যৰে । দেশৰ 28 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে নেপাল আৰু বাংলাদেশৰ মাজেৰে খোজকাঢ়ি গৈ তেওঁ উত্তৰাখণ্ডৰ ৰাজধানী ডেৰাডুনত উপস্থিত হয় । ডেৰাডুনত বহু মন্ত্ৰী আৰু বিষয়াক সাক্ষাৎ কৰাৰ পিছত এতিয়া ৰাজ্যৰ আন আন চহৰলৈ ৰাওনা হৈছে ৰোহন । এই পদযাত্ৰাৰ সময়ত উদ্দেশ্য পূৰণত সফল হোৱাৰ লক্ষ্যৰে বহু মানুহৰ কাষ চাপিছে বুলি ৰোহনে জনায় ।
জলবায়ু পৰিৱৰ্তনে সমস্যাৰ সৃষ্টি কৰিছেঃইটিভি ভাৰতৰ সৈতে হোৱা কথা-বতৰাত ৰোহন আগৰৱালাই কয় যে পৰিৱেশজনিত সমস্যাবোৰৰ বাবে এতিয়া সকলোৱে ভুক্তভোগী । জলবায়ু পৰিৱৰ্তনৰ বাবে বিভিন্ন সমস্যাই দেখা দিছে । ইয়াৰ ভিতৰত পানীৰ সমস্যা, বানপানীৰ সমস্যা, সঘনাই হোৱা ভূমিকম্প, ঘূৰ্ণীবতাহৰ লগতে খাদ্য সামগ্ৰী আদি । কিন্তু উত্তৰাখণ্ডৰ দৰে পাহাৰীয়া ৰাজ্যতো পৰিবেশৰ ক্ষেত্ৰত সমস্যাই দেখা দিছে । কিন্তু ইয়াৰ প্ৰতি ৰাইজে গুৰুত্ব দিয়া নাই বুলি কয় ৰোহনে । এই সমস্যাবোৰৰ প্ৰতি লক্ষ্য ৰাখি ৰোহনে এই পদযাত্ৰা আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ৷
ৰোহনে 21 হাজাৰ কিলোমিটাৰ খোজকাঢ়িছে: 2020 চনৰ 25 আগষ্টত বাৰাণসীৰ গংগা ভ্ৰমণ কৰি মানুহক পৰিৱেশ সম্পৰ্কে সজাগ কৰাৰ বাবে যাত্ৰা আৰম্ভ কৰা বুলি ৰোহনে কয় । ইয়াৰ পিছতে তেওঁ দেশৰ 28 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ যাত্ৰা সম্পূৰ্ণ কৰিছে । ইয়াৰ সমান্তৰালকৈ ৰোহনে খোজকাঢ়ি নেপাল আৰু বাংলাদেশো ভ্ৰমণ কৰিছে । বিদ্যালয়, মহাবিদ্যালয় আৰু ৰাজহুৱা স্থানলৈ গৈ মানুহক পৰিৱেশ সম্পৰ্কে সজাগ কৰাৰ লগতে পৰিৱেশৰ সৈতে মানুহক সংযোগ কৰিবলৈও চেষ্টা কৰা হৈছে বুলি ৰোহনে জনায় ।
পৰিৱেশ সচেতনতা বিয়পোৱাই সমাজ সেৱা : ৰোহনে কয় যে যিসকলে সমাজ সেৱা কৰিব বিচাৰে তেওঁলোকৰ বাবে সমাজ সেৱা কৰাৰ সৰ্বোত্তম উপায় হ’ল পৰিৱেশ । কাৰণ কোনো ধৰ্ম, জাতি, অঞ্চল, দেশ, ভাষা আৰু সমাজৰ পৰিৱেশৰ ক্ষেত্ৰত বাধা নাই । এনে পৰিস্থিতিত আমি যদি পৰিৱেশৰ বাবে সমাজসেৱা কৰো তেন্তে সেয়া হ’ব সমগ্ৰ মানৱ জাতিৰ বাবে সমাজসেৱা । উত্তৰাখণ্ডৰ ৰাজধানী ডেৰাডুনৰ পিছত উত্তৰাখণ্ডৰ সৈতে সংযুক্ত নেপাল দেশৰ কিছু অঞ্চলৰ লগতে হিমাচল প্ৰদেশৰ দিশে আগবাঢ়িব । ইয়াৰোপৰি, জম্মু-কাশ্মীৰ, লাডাখ, গুজৰাট আৰু হাৰিয়ানালৈও পদযাত্ৰা কৰিব বুলি কয় ৰোহনে ।
বিদেশ ভ্ৰমণৰ ৰোডমেপ সাজুঃদেশ ভ্ৰমণ সম্পূৰ্ণ কৰাৰ পিছত বিদেশলৈ ৰাওনা হ’ব ৰোহন আগৰৱালা । ৰোডমেপ অনুসৰি ৰোহন আৰু দলটোৱে ম্যানমাৰ, থাইলেণ্ড, ভিয়েটনাম, কম্বোডিয়া, চীন, মংগোলিয়া, ৰাছিয়া, মাকাউ, চাইবেৰিয়াকে ধৰি বহু দেশত পদযাত্ৰা কৰিব বুলি জানিব পৰা গৈছে । লগতে কোৱা হৈছে যে চাইবেৰিয়াত Oymyakon নামৰ ঠাই এখন আছে যিটো পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাই । ঠাইডোখৰৰ উষ্ণতা মাইনাছ 70 ডিগ্ৰী পৰ্যন্ত হয় । বৰ্তমান পৰ্যন্ত কোনেও খোজকাঢ়ি উপস্থিত নোহোৱা স্থানডোখৰত ৰোহনে উপস্থিত হ’বলৈ প্ৰায় 4-পৰা 5 বছৰ সময় লাগিব ।
জলবায়ু পৰিৱৰ্তন হৈছে সংস্কৃতিৰ পৰা বিচ্ছিন্ন হোৱাৰ ফল: বয়সৰ এই পৰ্যায়ত যুৱক-যুৱতীসকলে ভাল চাকৰি এটা পোৱাৰ ইচ্ছা কৰে। সকলো আৰাম আৰু সুবিধা থাকিব লাগে। কিন্তু ইমান কম বয়সতে সমাজ সেৱা কৰাৰ প্ৰশ্নত ৰোহনে কয় যে সমাজসেৱাৰ প্ৰতি মানুহৰ গুৰুত্ব কমি আহিছে । আজিৰ মানুহে সাংস্কৃতিক শিপাৰ পৰা আঁতৰি আহিছে । সংস্কৃতিয়ে কয় যে সমগ্ৰ মানৱতা, জীৱ-জন্তু আৰু উদ্ভিদৰ কথা চিন্তা কৰিব লাগে । কিন্তু আজিৰ মানুহ এইবোৰৰ পৰা আঁতৰি গৈছে । লগতে তেওঁ কয় যে তেওঁ এতিয়াও পঢ়া-শুনা কৰি আছে । বৰ্তমান তেওঁ B.Com তৃতীয় বৰ্ষৰ ছাত্ৰ । লগতে ইংৰাজী বিষয়ৰ স্নাতক । তেওঁ এই অধ্যয়নসমূহ অনলাইন মাধ্যমৰ জৰিয়তে কৰি আছে । ৰোহনৰ এই পদযাত্ৰা কাৰ্যসূচীত পৰিয়ালৰ লোকেও সহায়-সহযোগিতা আগবঢ়াইছে বুলি জনায় ৷
লগতে পঢ়ক:আলফা স্বাধীনৰ ম্যানমাৰৰ শিবিৰত চলোৱা বোমা আক্ৰমণৰ কেতবোৰ ফটো প্ৰকাশ সংগঠনটোৰ