নেশ্যনেল ডেস্ক,১০ মে' :পাঞ্জাৱৰ ইণ্টেলিজেঞ্চ ব্যুৰ'ৰ মুখ্য কাৰ্যালয়ত বিস্ফোৰণ (Blast in Punjab Intelligence Bureau office)। সোমবাৰে সন্ধিয়া মোহালিৰ চেক্টৰ ৭৭ত থকা অতি সুৰক্ষিত এই কাৰ্যালত সংঘটিত বিস্ফোৰণক লৈ সমগ্ৰ ৰাজ্যখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । জানিব পৰা মতে ৰকেট সদৃশ কোনো বস্তুৰ দ্বাৰা এই আক্ৰমণ কৰা হৈছে (Rocket like object causes blast in Punjab)। অৱশ্যে, এই বিস্ফোৰণত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই ।
এগৰাকী বিষয়াই জনোৱা মতে কাৰ্যালয়টোৰ তৃতীয় মহলাত এই আক্ৰমণ হৈছে । ইণ্টেলিজেঞ্চ ব্যুৰ' কাৰ্যালয়ৰ চাৰিওফালৰ এলেকাটো বন্ধ কৰি দিয়া হৈছে আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে । ঘটনাস্থলীলৈ তাৎক্ষণিকভাৱে এটা বোমা বিশেষজ্ঞ আৰু ফৰেনচিক স্কোয়াড প্ৰেৰণ কৰা হৈছে ।
বিস্ফোৰণৰ পাছতে মুখ্যমন্ত্ৰী ভগৱন্ত মানে আৰক্ষী সঞ্চালক প্ৰধান ভি.কে. ভাওৰাৰ সৈতে কথা পাতে আৰু ঘটনাটোৰ বিষয়ে অধিক জানিবলৈ চেষ্টা কৰে । প্ৰেছ বিজ্ঞপ্তি অনুসৰি, সন্ধিয়া প্ৰায় ৭.৪৫ বজাত পাঞ্জাৱ আৰক্ষীৰ ইণ্টেলিজেঞ্চ ব্যুৰ'ৰ মুখ্য কাৰ্যালয়ত এই বিস্ফোৰণ হৈছিল । ইফালে পাঞ্জাৱ আৰক্ষীৰ তথ্যৰ ভিত্তিত হাৰিয়ানাৰ কৰ্ণালত পাকিস্তানী সন্ত্ৰাসবাদীক কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছিল (Four militants arrested in Haryana)। গ্ৰেপ্তাৰৰ মাত্ৰ কেইটামান দিন পাছতে এনেদৰে পাঞ্জাৱত হোৱা বিস্ফোৰণে শংকিত কৰি তুলিছে জনসাধাৰণক ।