নেশ্যনেল ডেস্ক, 6 ডিচেম্বৰ :বিহাৰৰ আৰাহ জিলাৰ কাটিৰা ম'ৰত বুধবাৰে পুৱা 10.17 বজাত পাঁচজনীয়া সশস্ত্ৰ দুৰ্বৃত্তৰ এটা দলে এক্সিছ বেংকত অতৰ্কিতে প্ৰৱেশ কৰে ৷ দলটোৱে বেংকত সোমায়েই বেংকৰ সকলো কৰ্মচাৰীক এটা কোঠাত বন্দী কৰি লুটপাত আৰম্ভ কৰে ৷
লগে লগে বেংকটোৰ ভিতৰত হুলস্থুলীয়া পৰিৱেশৰ উদ্ভৱ হয় ৷ ভোজপুৰৰ আৰক্ষী অধীক্ষক প্ৰমোদ কুমাৰে নিশ্চিত কৰে যে, অপৰাধীকেইটাই এজন ব্যৱসায়ীয়ে ধন জমা কৰিবলৈ অহাৰ পিচতে বেংকটোত প্ৰৱেশ কৰি বেংকটোৰ পৰা নগদ ধন লুটি পলায়ন কৰে ৷ প্ৰথম অৱস্থাত আৰক্ষীয়ে ডকাইতৰ দলটো বেংকৰ ভিতৰত থকা বুলি অলপ বিভ্ৰান্ত হৈছিল যদিও পৰৱৰ্তী সময়ত বেংকৰ তলাটো ভাঙি দিয়াত ডকাইতৰ দলটোৱে পলায়ন কৰে বুলি নিশ্চিত হয় ৷
আৰক্ষীক অধীক্ষকগৰাকীয়ে কোৱা অনুসৰি, "তথ্য পোৱাৰ লগে লগে আমি তৎক্ষণাত বেংকত উপস্থিত হৈছিল । আমি উপস্থিত হোৱালৈ ডকাইতৰ দলটোৱে বেংকৰ মূল গেটৰ তলা বন্ধ কৰি পলায়ন কৰিছিল । আমি কিছু সময়ৰ বাবে ডকাইতৰ দলটো ভিতৰত আছে বুলি বিভ্ৰান্ত হৈছিলো যদিও আমি তলাটো ভাঙি ভিতৰলৈ যাওঁতে ডকাইতৰ দলটো তেতিয়ালৈ পলায়ন কৰিলে বুলি গম পাইছিলো ৷ কিন্তু তেতিয়ালৈ অপৰাধী দলটোৱে ইতিমধ্যে লক্ষাধিক ধন লুটি পলায়ন কৰিছিল ৷"