নেশ্যনেল ডেস্ক, ২৮ জুন: ক'ভিড-১৯ (Covid 19)ৰ সংক্ৰমণ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান চলি থকা মডেলৰ বাহনৰ সন্মুখৰ আসনত দ্বৈত এয়াৰবেগ (dual airbag) সংলগ্ন কৰাৰ সময়সীমা বঢ়াই দিয়াৰ সিদ্ধান্ত লৈছে পথ পৰিবহণ মন্ত্ৰণালয়ে (Road transport ministry) । দেওবাৰে বিভাগটোৰ এজন জ্যেষ্ঠ বিষয়াই এই কথা জানিবলৈ দিয়ে । ৩১ ডিচেম্বৰ পৰ্যন্ত বৰ্তমান চলি থকা গাড়ীৰ মডেলবোৰত কেৱল চালকৰ আসনৰ এয়াৰবেগহে বাধ্যতামূলক ।
বিষয়াগৰাকীয়ে জনোৱা মতে, ক'ভিডসৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এয়াৰবেগ সংলগ্ন কৰাৰ সময় চাৰি মাহ পিছুৱাই দিয়া হৈছে । তেওঁ লগতে কয় যে, ছ'চাইটি অৱ অটোমোবাইল মেনুফেক্সাৰাৰ্ছে কিছু সময় বিচাৰিছে । আনহাতে, আগন্তুক যিকোনো নতুন মডেলৰ বাহনৰ ক্ষেত্ৰত সন্মুখৰ আসনত দ্বৈত এয়াৰবেগ ( dual airbags) সংলগ্ন কৰাতো বাধ্যতামূলক ।
উল্লেখ্য যে, মন্ত্ৰালয়ে যোৱা ৬ মাৰ্চত নিৰ্দেশ দিছিল যে, নতুন মডেলৰ গাড়ীৰ ক্ষেত্ৰত চলিত বৰ্ষৰ ১ এপ্ৰিল আৰু তাৰ পিছত নিৰ্মাণ কৰা বাহনবোৰত ৩১ আগষ্টৰ ভিতৰত চালকৰ উপৰিও সন্মুখৰ আসনত বহা ব্যক্তিজনৰ বাবে বাধ্যতামূলকভাৱে এয়াৰবেগ সংলগ্ন কৰা হ'ব ।