নেশ্যনেল ডেস্ক, ২৪ এপ্ৰিল :অহা 10 মে’ত অনুষ্ঠিত হ’বলগীয়া কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনক লৈ তৎপৰ প্ৰতিটো ৰাজনৈতিক দল (Karnataka Election 2023)। ৰাজ্যখনত বিজেপিয়ে ব্যাপক প্ৰচাৰ চলাইছে । বিজেপিৰ বহু হাই প্ৰফাইল নেতাই ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে ।
ইয়াৰ মাজতে ৰাজ্যখনৰ গুণ্ডলুপেট চহৰৰ মাদাহাল্লি চক্ৰৰ পৰা বিজেপি প্ৰাৰ্থী নিৰঞ্জন কুমাৰৰ হৈ এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah road show in Karnataka)। পুৱাই গৃহমন্ত্ৰীগৰাকীয়ে দেৱী চামুণ্ডেশ্বৰীৰ আশীৰ্বাদ লয় । মন্দিৰ পৰিচালনা সমিতিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনায় । শ্বাহে প্ৰথমে গণপতিৰ উপাসনা কৰে আৰু তাৰ পাছত মা চামুণ্ডীৰ মন্দিৰ দৰ্শন কৰে (Amit Shah at Chamundi Temple)। মন্ত্ৰীগৰাকীৰ সৈতে সাংসদ প্ৰতাপ সিং, এছ এ ৰামদাসকে ধৰি কেইবাজনো নেতা উপস্থিত থাকে ।
তাৰ পাছত হেলিকপ্টাৰেৰে মহীশূৰৰ পৰা গুণ্ডলুপেটত উপস্থিত হয় । গুণ্ডলুপেট চহৰৰ মাদাহাল্লি চক্ৰৰ পৰা তেওঁ ৰোড শ্ব' আৰম্ভ কৰি বাছ ষ্টেণ্ড, ডাকঘৰ, তালুক কাৰ্যালয়ৰ পাচত, পুৰণি বাছ ষ্টেণ্ডত ৰোড শ্ব'টো সমাপ্ত কৰে ।