আগৰতলা, ১২ জুলাই: ত্ৰিপুৰাৰ দক্ষিণ জিলাৰ মাতাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সোমবাৰে বিদ্যালয়খনত শিক্ষকৰ অভাৱ পূৰণ নকৰাৰ প্ৰতিবাদত পথ অৱৰোধ কৰে (Road blockade in protest against non-recruitment of teachers)। ক্ষুব্ধ শিক্ষাৰ্থীসকলে বিদ্যালয় কৰ্তৃপক্ষৰ মইমতালিৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা বুলি জানিব পৰা গৈছে । বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে কৰি অহা অবেদনৰ স্বত্বেও শিক্ষা বিভাগৰ লগতে বিদ্যালয় কৰ্তৃপক্ষই কোনো পদক্ষেপ লোৱা নাই । বিদ্যালয়খনত দীৰ্ঘদিন ধৰি দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে বিষয় শিক্ষকৰ দাবী জনাই আহিছে । তেওঁলোকৰ দাবীৰ প্ৰতি সহাৰি নজনোৱা বাবেই ত্ৰিপুৰাৰ দক্ষিণ জিলাৰ বেলোনিয়া উপ-সংমণ্ডলৰ বেলোনিয়া আৰক্ষী থানাৰ অন্তৰ্গত মাতাই বজাৰ অঞ্চলত শিক্ষাৰ্থীসকলে ৰাজপথ অৱৰোধ কৰে ।
প্ৰতিবাদকাৰীসকলে বেলোনিয়াৰ পৰা শ্ৰীনগৰলৈ যোৱা পথটো অৱৰোধ কৰাত যান-বাহন চলাচল ব্যাহত হয় । শিক্ষাৰ্থীসকলে পুৱা ৮ বজাৰ পৰা দুঘণ্টা ধৰি পথ অৱৰোধ কৰি হাতত প্লেকাৰ্ড লৈ শিক্ষক নিযুক্তিৰ দাবীত শ্ল'গান দিয়ে । শিক্ষাৰ্থীসকলে বহু বছৰৰ পৰা এই বিদ্যালয়খনত বৃহৎ সংখ্যক শিক্ষাৰ্থী থকা স্বত্বেও শিক্ষকৰ অভাৱৰ সন্মুখীন হৈ থকা বুলি অভিযোগ উত্থাপন কৰে ।