অসম

assam

ETV Bharat / bharat

Road mishap: শোকাৱহ! পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে একে পৰিয়ালৰ 6 জনে

এখন ৰৈ থকা কণ্টেইনাৰত খুন্দিয়ালে এখন তীব্ৰবেগী বলেৰ’ বাহনে ৷ এই শোকাৱহ দুৰ্ঘটনাটোত একে পৰিয়ালৰে 6 জন লোকৰ থিতাতে মৃত্যু হয় ৷ আনহাতে এজন লোক গুৰুতৰভাৱে আহত হয় ৷

Road Accident in Rajasthan
পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে একে পৰিয়ালৰ 6 জনে

By

Published : Aug 15, 2023, 6:50 PM IST

নেশ্যনেল ডেস্ক, 15 আগষ্ট: ৰাজস্থানৰ ফলোদী জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ এখন ৰৈ থকা কণ্টেইনাৰত খুন্দিয়ালে এখন তীব্ৰবেগী বলেৰ’ বাহনে ৷ এই শোকাৱহ দুৰ্ঘটনাটোত একে পৰিয়ালৰে 6 জন লোকৰ থিতাতে মৃত্যু হয় ৷আনহাতে এজন লোক গুৰুতৰভাৱে আহত হয় ৷ বৰ্তমান, তেওঁক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

ফলোদী আৰক্ষী থানাৰ বিষয়া ওম প্ৰকাশ বিষ্ণইয়ে জনোৱামতে, জুনেজাৰ এটা পৰিয়ালে হজৰ পৰা নিজ বাসগৃহ অভিমুখে উভতি আহি থকাৰ সময়তে তেওঁলোকে পোখৰাণৰ বান্ধোৱাত থকা এটা পৰিয়ালৰ লোককলগ কৰিবলৈ মনস্থ কৰিছিল ৷ সেইমতেই তেওঁলোকে আহি থকাৰ পথতে মঙলবাৰে বিয়লি ৰাজস্থানৰ ফলোদী জিলাৰ সমীপৰ কালাৰণ গাঁৱৰ ওচৰৰ ফালোদি-জয়সলমেৰ ঘাইপথত দুৰ্ঘটনাত পতিত হয় ৷ পথৰ কাষতে ৰৈ থকা এখন কণ্টেইনাৰত তীব্ৰবেগী হলেৰ’ বাহনখনে খুন্দিয়াই দিয়াত মুহূৰ্ততে বাহনখন ভাঙি চুৰমাৰ হৈ পৰে ৷

লগে লগে ঘটনাস্থলীত থিতাতে পৰিয়ালটোৰ 5 জন লোকৰ মৃত্যু হোৱাৰ লগতে দুজন লোক আহত হয় বুলি আৰক্ষীয়ে নিশ্চিত কৰে ৷ এই ঘটনাৰ খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত দুগৰাকীক সংকটজনক অৱস্থাত চৰকাৰী জিলা চিকিৎসালয় ফলোডীলৈ লৈ যোৱা হয় ৷ কিন্তু এগৰাকী মহিলাৰ অৱস্থা সংকটজনক হোৱাৰ বাবে তেওঁক যোধপুৰলৈ প্ৰেৰণ কৰা হৈছিল যদিও তেওঁ বাটতে মৃত্যুবৰণ কৰে ৷

মৃতসকল হৈছে নিজামুদ্দিনৰ পত্নী চাৰিফো (56), সুভান খানৰ পুত্ৰ ছায়াৰ খান (66), আব্দুল ৰহিমৰ পত্নী খাতুন (50), ইছমাইল খানৰ পুত্ৰ আলাদিন (60), জানু খানৰ এমিজা (72) পত্নী আৰু আজৰুদ্দিনৰ পত্নী ইনায়াত (40) বুলি চিনাক্ত কৰা হৈছে ৷ মৃত ব্যক্তিসকল একেটা পৰিয়ালৰে আছিল বুলি জানিব পৰা গৈছে ৷

ঘটনাটোৰ খবৰ পোৱাৰ পিচতে আয়ুক্ত জছমিত সন্ধু আৰু আৰক্ষী অধীক্ষক বিনীত বনচালেও ঘটনাস্থলীত উপস্থিত হৈ ঘটনাস্থলী পৰিদৰ্শন কৰে ৷ তেওঁলোকে মৃত লোকসকলৰ পৰিয়ালক চৰকাৰৰ ফালৰ পৰা সাহাৰ্য প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে ৷

লগতে পঢ়ক:CM Nitish Kumar security lapses : নীতিশ কুমাৰৰ সন্মুখতে যুৱকৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details