নিউজ ডেস্ক, 30 জুন:বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ বান্দাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ পথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত দ্ৰুতবেগী বলেৰোৱে পিছফালৰ পৰা খুন্দা মৰাত সংঘটিত হয় এই দুৰ্ঘটনা ৷ বলেৰোৰ 8 জন যাত্ৰীৰ ভিতৰত মাতৃ আৰু পুত্ৰসহ 5 জন লোকৰ ঘটনাস্থলীতে মৃত্যু হয় ৷ একে সময়তে, চিকিৎসালয়লৈ নিয়াৰ পথত 2 জন লোকৰ মৃত্যু হয় ৷ আনহাতে দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন যুৱকক চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে ৷
দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে, ট্ৰাকৰ সৈতে সংঘৰ্ষ হোৱাৰ পিছত বলেৰো খন সম্পূৰ্ণ ৰূপে চূৰ্ণ-বিচুৰ্ণ হৈ পৰে ৷ বলেৰোৰ ভিতৰত থকা যাত্ৰী সকল বলেৰোত আবদ্ধ হৈ পৰিছিল ৷ তেওঁলোকক বাহিৰলৈ উলিয়াবলৈ বলেৰোখনক গেছ কাটাৰেৰে কাটিব লগা হৈছিল ৷ ঘটনাটোৰ বিষয়ে খবৰ লাভ কৰাৰ পিছতে, ডিএম আৰু এছপি ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় ৷ বিভাগীয় আয়ুক্ত আৰু ডিআইজিও জিলা চিকিৎসালয়ত উপস্থিত হয় আৰু আহত সকলৰ অৱস্থাৰ বিষয়ে বুজ লয় ৷
বৃহস্পতিবাৰে নিশা প্ৰায় 9.30 বজাত বান্দাত বাবেৰু কোতৱালী অঞ্চলৰ কামচিন ৰোডৰ পাৰিয়া দাই অঞ্চলত দুৰ্ঘটনাটো সংঘটিত হৈছিল ৷ বাহনখনত কামাচিন আৰক্ষী থানা অঞ্চলৰ তিলাউচা গাঁৱত বাস কৰা 8 জন লোক বাবেৰুলৈ আহি আছিল ৷ পথত বলেৰোখন হঠাতে পিছফালৰ পৰা ৰখাই থোৱা ট্ৰাকত খুন্দা মাৰে ৷ পথচাৰীসকলে ঘটনাটো প্ৰত্যক্ষ কৰে আৰু আৰক্ষীক অৱগত কৰে ৷ ইয়াৰ পিছতে বেবেৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু অশেষ কষ্টৰে বলেৰোত আৱদ্ধ লোকসকলক গেছ কাটাৰেৰে বলেৰো কাটি উলিয়াই আনে ৷ ঘটনাস্থলীত পাঁচজন লোকৰ মৃত্যু হয় ৷ লগতে 3 জন আহতক এম্বুলেন্সেৰে চিএইচচি বেবেৰুলৈ প্ৰেৰণ কৰা হৈছিল ৷
চিএইচচিত আহত এজন যুৱকৰ মৃত্যু হয় ৷ ডি.এম. দুৰ্গাশক্তি নাগপাল আৰু এছ.পি. অভিনন্দনে ঘটনাটোৰ বিষয়ে খবৰ পোৱাৰ লগে লগে চি.এইচ.চি.-ত উপস্থিত হয় ৷ আনহাতে আয়ুক্ত আৰ.পি. সিং আৰু ডিআইজিয়ে ঘটনাটোৰ বিষয়ে খবৰ লাভ কৰাৰ লগে লগে জিলা চিকিৎসালয়ত উপস্থিত হয় ৷ চি.এইচ.চি.-ৰ পৰা অনা আহত দুজনৰ ভিতৰত এজনৰ মৃত্যু হয় ৷