নিউজ ডেস্ক, ২৮ মে' :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে উদ্বোধন কৰে দেশৰ নৱনিৰ্মিত সংসদ ভৱন (PM Modi inaugurated new parliament) । চেণ্ট্ৰেল ভিষ্টা প্ৰকল্পৰ অধীনত নিৰ্মাণ হোৱা এই নতুন সংসদ ভৱন চৌহদ আনুষ্ঠানিক উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰাৰ্থনা জনায় । ইফালে উদ্বোধনৰ পিছতে আৰজেডিয়ে এটা বিতৰ্কিত টুইট কৰে (RJD controversial tweet on parliament building) । দলটোৱে কফিনৰ সৈতে সংসদ ভৱনৰ এখন ফটো পোষ্ট কৰিছে (RJD compared Parliament Building with coffin) । যাৰ বাবে বিজেপিয়ে তীব্ৰ প্ৰতিবাদ কৰিছে । বিজেপিয়ে এই কাৰ্যক নিৰ্লজ্জতাৰ চৰম সীমা বুলি অভিহিত কৰিছে ।
বিহাৰৰ শাসনাধিষ্ঠিত দল ৰাষ্ট্ৰীয় জনতা দলৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত প্ৰকাশ পাইছে এই বিতৰ্কিত পোষ্টটো । ফটোখনত এফালে এটা কফিন আৰু আনফালে নতুন সংসদ ভৱনটোৰ এখন ফটো আছে । লগতে টুইটটোত প্ৰশ্নটো সোধা হৈছে, 'এইটো কি (oppositions boycott parliament inauguration) ?'