নিউজ ডেস্ক, 27 ডিচেম্বৰ : অৰুণাচলত জেডিইউৰ 6গৰাকী বিধায়কে পদত্যাগ কৰাৰ পিচতেই ইয়াক লৈ সৰৱ হৈ পৰিছে বিহাৰৰ ৰাজনীতি ৷ বিৰোদী দলসমূহে মুখ্যমন্ত্ৰী নীতিশ কুমাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈ বিভিন্ন মন্তব্য আগবঢ়াইছে ৷ এনে অৱস্থাত দলটোৰ 6গৰাকী বিজেপিগামী বিধায়কে যথেষ্ট ক্ষতিসাধন কৰিব বুলি সংবাদমাধ্যমৰ আগত উল্লেখ কৰে আৰজেডিৰ মুখ্য প্ৰবক্তা মৃত্যুঞ্জয় তিৱাৰীয়ে ৷ বিজেপিয়ে একেপাত শৰেৰে নীতিশ কুমাৰক আঘাত কৰা বুলি উল্লেখ কৰে তিৱাৰীয়ে ৷
অৰুণাচলৰ বিধায়কৰ পদত্যাগ জেডিইউৰ বাবে ক্ষতিকাৰকঃ আৰজেডি প্ৰবক্তা - Bihar Politics
অৰুণাচলত ছগৰাকী জেডিইউ বিধায়কে দলৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পিচতেই বিহাৰৰ ৰাজনীতিত ইয়াৰ প্ৰভাৱ দেখা গৈছে ৷ এই কাণ্ডৰ পিচতেই বিৰোধী দলসমূহে জেডিইউক মৌখিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷
মৃত্যুঞ্জয় তিৱাৰীয়ে সংবাদমাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি, নীতিশ কুমাৰৰ অৱস্থা বৰ্তমানে সঠিক নহয় ৷ অৰুণাচল প্ৰদেশত বিজেপিয়ে জেডিইউক এপাত শৰেৰে ধাৰাশায়ী কৰিছে বুলি কয় তিৱাৰীয়ে ৷ এতিয়া জেডিইউৰ ওচৰত এই সন্দৰ্ভত ক’বলৈ একো নাই বুলি উল্লেখ কৰে তিৱাৰীয়ে ৷ ইয়াৰ পৰা জেডিইউ আৰু বিজেপিৰ মাজত চলি থকা শীতল যুদ্ধখন একপ্ৰকাৰে স্পষ্ট হৈ পৰিছে বুলি কয় তিৱাৰীয়ে ৷
দেওবাৰে পাটনাত জেডিইউৰ দুদিনীয়া কাৰ্যনিৰ্বাহক অন্ত পৰে ৷ এই সভাতে দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতি নিৰ্ধাৰণ কৰা হয় ৷ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে একেটা সময়তে দুটাকৈ দায়িত্ব পালন কৰিব নোৱাৰো বুলি কৈ দলটোৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰূপে আৰ চি পি সিংহৰ নাম প্ৰস্তাৱ কৰে ৷ সভাত সৰ্বসন্মতিৰূপে আৰ চি পি সিংহৰ নাম জেডিইউৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰূপে গৃহীত কৰা হয় ৷
লগতে পঢ়ক :সৰ্বসন্মতিৰূপে জেডিইউৰ অধ্যক্ষ নিৰ্বাচিত আৰ চি পি সিংহ