Del Monte Institute for Neuroscienceৰ গৱেষকসকলে প্ৰকাশ কৰিছে যে, যিসকল শিশুৱে Traumatic Brain Injuryৰ (TBI) সন্মুখীন অৰ্থাৎ মূৰত সামান্য আঘাতো যদি পাইছে তেন্তে তেনে শিশুৰ আৱেগিক আৰু আচৰণগত সমস্যা, অন্য শিশুসকল যিসকলে এই সমস্যাৰ সন্মুখীন হোৱা নাই সেই সকলৰ তুলনাত বহুগুণেই বেছি হয় (Risk of behavioral emotional issues in kids) ৷
NeuroImageত প্ৰকাশিত এক অধ্যয়নত 'এপিডেমিঅ'লজি প্ৰগ্ৰেমৰ(Epidemiology program) Ph.D প্ৰাৰ্থী তথা প্ৰথম লেখক ডেনিয়েল লোপেজে কয় যে, “মূৰত পোৱা এই আঘাতবোৰ অধ্যয়ন কৰাটো কঠিন কাৰণ ইয়াৰ বেছিভাগেই শিশুসকলে কেনেকৈ এই আঘাত পাইছিল সেই কথা মনত পেলোৱাৰ ওপৰত নিৰ্ভৰ কৰে তেতিয়া বাৰম্বাৰ চিকিৎসকৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন নহয়” ৷
গৱেষকসকলে Adolescent Brain Cognitive Development (ABCD) অধ্যয়নত অংশগ্ৰহণ কৰা হাজাৰ হাজাৰ শিশুৰ পৰা সংগ্ৰহ কৰা এম আৰ আই(MRI) আৰু আচৰণৰ তথ্য ব্যৱহাৰ কৰিছিল । তেওঁলোকে প্ৰকাশ কৰে যে, কম পৰিমাণেও Traumatic Brain Injury থকা শিশুসকলে আৱেগিক বা আচৰণগত সমস্যাৰ সম্ভাৱনা ১৫ শতাংশ বৃদ্ধি পায় (Emotional issues in kids) ।
প্ৰায় দহ বছৰ বয়সৰ শিশুৰ ক্ষেত্ৰত এই আশংকা সৰ্বাধিক আছিল (Risk of behavioral in kids increases brain injury) । গৱেষকসকলে প্ৰকাশ কৰিছে যে, যিসকল শিশুৱে মূৰত আঘাত পোৱাৰ পিছত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা নাছিল সেইসকল শিশুৰ ক্ষেত্ৰতো সামান্য পৰিমাণে আচৰণ আৰু আৱেগিক সমস্যাৰ সম্ভাৱনা বৃদ্ধি পায় ।