অসম

assam

By

Published : Dec 26, 2020, 2:27 PM IST

ETV Bharat / bharat

ফিট ইণ্ডিয়া ডাইলগৰ দ্বিতীয়টো সংস্কৰণ সম্বোধন কিৰেণ ৰিজিজুৰ

ফিট ইণ্ডিয়া ডাইলগৰ দ্বিতীয়টো সংস্কৰণত ফিটনেচক লৈ ক্ৰীড়া ক্ষেত্ৰৰ বিভিন্ন জনৰ সৈতে আলোচনাত মিলিত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজু ৷ আলোচনাত উপস্থিত থাকে মিল্খা সিঙকে ধৰি বলিউদৰ তাৰকা অনিল কাপুৰ, এচ ইণ্ডিয়াৰ মহিলা ক্ৰিকেটাৰ মিতালী ৰাজ, প্ৰাক্তন ভাৰতীয় ফুটবল খেলুৱৈ বাইচুং ভুটীয়া আৰু ভাৰতৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিন্টন প্ৰশিক্ষক পুলেলা গোপিচান্দ ৷

ফিট ইণ্ডিয়া ডাইলগৰ দ্বিতীয়টো সংস্কৰণৰ শুভাৰম্ভ
ফিট ইণ্ডিয়া ডাইলগৰ দ্বিতীয়টো সংস্কৰণৰ শুভাৰম্ভ

নেচনেল ডেস্ক, 26 ডিচেম্বৰ :ফিট ইণ্ডিয়া ডাইলগৰ দ্বিতীয়টো সংস্কৰণৰ আৰম্ভণি কৰি কেন্দ্ৰীয় খেল মন্ত্ৰী কিৰেণ ৰিজিজুয়ে বিভিন্ন ক্ৰীড়াৰ সৈতে জড়িত ভিন্ন প্ৰতিভাৰ লোক সকলৰ সৈতে বাৰ্তালাপত মিলিত হয় ৷ ভাৰতৰ খেলৰ পৃথিৱীখনৰ বয়োজেষ্ঠ প্ৰতিভাধাৰী ব্যক্তি মিল্খা সিঙকে ধৰি বলিউদৰ তাৰকা অনিল কাপুৰ, এচ ইণ্ডিয়াৰ মহিলা ক্ৰিকেটাৰ মিতালী ৰাজ, প্ৰাক্তন ভাৰতীয় ফুটবল খেলুৱৈ বাইচুং ভুটীয়া, ভাৰতৰ ৰা্ষ্ট্ৰীয় বেডমিন্টন প্ৰশিক্ষক পুলেলা গোপিচান্দে এই আলোচনা আগবঢ়াই নিয়ে ৷

এই বাৰ্তালাপৰ সময়ছোৱাত মঞ্চত উপৱিষ্ট লোকসকলে তেওঁলোকৰ ফিটনেচ মন্ত্ৰৰ বিষয়ে আলোচনা কৰাৰ উপৰিও বিগত দশকসমূহত ফিটনেচৰ ক্ষেত্ৰত ভাৰতীয় ভাৱধাৰা কেনেকৈ সলনি হৈ আহি আছে সেই বিষয়েও আলোচনা কৰে ৷

উপস্থিত প্ৰতিভাধাৰী ব্যক্তিসকলৰ কেইবা গৰাকীয়ে যিকোনো বয়সত কেনেকৈ সুস্থ সবল হৈ থাকিব পাৰি সেই বিষয়ে সমাধান আগবঢ়োৱাৰ মাজতে অন্য সকলে সুস্থ সবল শৰীৰ ধৰি ৰখাৰ বাবে কিছুমান প্ৰাথমিক ব্যায়াম প্ৰদৰ্শন কৰে ৷

ফিট ইণ্ডিয়া ডাইলগৰ প্ৰথমটো সংস্কৰণ চেপ্তেম্বৰ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সম্বোধন কৰিছিল ৷ ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলী , ফিটনেচ আইকন মিলিন্দ সুমন আদি বিভিন্ন জনে প্ৰথমটো সংস্কৰণত মোডীৰ সৈতে বাৰ্তালাপত অংশ লৈছিল ৷

লগতে পঢ়ক:কৃষক নহয়,কৃষি অধিগ্ৰহণকাৰীয়েহে ভূমি হেৰুৱাব:জীতেন্দ্ৰ সিঙ

ABOUT THE AUTHOR

...view details