অসম

assam

ETV Bharat / bharat

MICE 2023 : দিল্লীত স্থাপন কৰা ৰামোজী ফিল্ম চিটিৰ ষ্টললৈ ব্যাপক সঁহাৰি দৰ্শকৰ

দিল্লীত দুদিনীয়াকৈ আয়োজন হৈছে এমআইচিই-২০২৩ । এই অনুষ্ঠানত বিশ্বৰ সৰ্ববৃহৎ ফিল্ম চিটি ৰামোজী ফিল্ম চিটিৰ ষ্টল স্থাপন কৰা হৈছে । য'ত যথেষ্ট সংখ্যক দৰ্শনাৰ্থীয়ে ভিৰ কৰা দেখা গৈছে । প্ৰতি বছৰে আৰএফচিত প্ৰায় ১০০-১২৫ খন বিবাহ অনুষ্ঠানৰ আয়োজন কৰা হয় ।

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 2:23 PM IST

MICE 2023
দিল্লীত স্থাপন কৰা ৰামোজী ফিল্ম চিটিৰ ষ্টললৈ ব্যাপক সঁহাৰি দৰ্শকৰ

দিল্লীত স্থাপন কৰা ৰামোজী ফিল্ম চিটিৰ ষ্টললৈ ব্যাপক সঁহাৰি দৰ্শকৰ

নেশ্যনেল ডেস্ক,৩০ ছেপ্টেম্বৰ : ৰামোজী ফিল্ম চিটিৰ (আৰএফচি) ষ্টললৈ যথেষ্ট সঁহাৰি দৰ্শনাৰ্থীৰ । দিল্লীত অনুষ্ঠিত এমআইচিই ২০২৩ ত থকা ৰামোজী ফিল্ম চিটিৰ (আৰএফচি) ষ্টলখনত বহু দৰ্শনাৰ্থীয়ে ভিৰ কৰা দেখা গৈছে । শুকুৰবাৰে অন্যান্য দেশৰ লগতে ভাৰত আৰু ৰাছিয়াৰ মাজত পৰ্যটনৰ প্ৰচাৰৰ বাবে আয়োজন কৰা হয় এই এমআইচিই ২০২৩ । পৰ্যটকসকলে হায়দৰাবাদত অৱস্থিত পৃথিৱীৰ সৰ্ববৃহৎ ফিল্ম চিটিত গোটেই বছৰজুৰি আয়োজন কৰা অনুষ্ঠানবোৰৰ বিষয়ে অনুসন্ধান কৰিবলৈ ষ্টললৈ অহা দেখা গৈছে ।

উল্লেখ্য যে দিল্লীৰ কৰকৰডুমাত অনুষ্ঠিত দুদিনীয়া এমআইচিই ২০২৩ অনুষ্ঠানটো মস্কো মহানগৰ পৰ্যটন সমিতিৰ অধ্যক্ষ ইভজেনি কোজলভে উদ্বোধন কৰে । অনুষ্ঠানটোত আৰএফচি-ৰ প্ৰতিনিধিসকলে পৰ্যটকসকলক আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা হায়দৰাবাদৰ বিখ্যাত ৰামোজী ফিল্ম চিটিৰ বিষয়ে ব্যাখ্যা কৰে । তেওঁলোকে পৰ্যটকসকলক চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ, বিবাহ, কৰ্পোৰেট সভা আৰু অন্যান্য অনুষ্ঠানৰ উপৰিও আৰএফচিত আয়োজিত বিভিন্ন কাৰ্যসূচীৰ বিষয়েও উল্লেখ কৰে ।

ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত আৰএফচিৰ জ্যেষ্ঠ মহাপ্ৰৱন্ধক (মাৰ্কেটিং) টিআৰএল ৰাৱে কয় যে ৰামোজী ফিল্ম চিটিয়ে পৰ্যটকসকলৰ বাবে বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজন কৰি আহিছে ।

প্ৰতি বছৰে ফিল্ম চিটিত প্ৰায় ১০০-১২৫ খন বিবাহ অনুষ্ঠিত হয় । তেওঁ লগতে কয় যে ফিল্ম চিটিত কেইবাখনো চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ কৰা হৈছে । ফিল্ম চিটিত এতিয়ালৈকে ৩,৫০০ৰো অধিক চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে । গড় হিচাপত ইয়াত ৩৫০ ৰ পৰা ৪০০ খন সন্মিলন অনুষ্ঠিত হয় ।

তেওঁ কয় যে প্ৰতি বছৰে প্ৰায় ২০ লাখ পৰ্যটক আৰএফচি ভ্ৰমণ কৰে আৰু ৰামোজী ফিল্ম চিটিক গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছত বিশ্বৰ সৰ্ববৃহৎ ফিল্ম চিটি হিচাপে চিহ্নিত হৈছে । বিবাহ ব্যৱস্থাপক আৰু মেছ অপাৰেটৰকে ধৰি আৰএফচিৰ কৰ্মচাৰীসকল দৰ্শনাৰ্থীসকলক স্বাগতম জনোৱাৰ বাবে গোটেই বছৰটো উপলব্ধ থাকে । তেওঁ উল্লেখ কৰা মতে ফিল্ম চিটিলৈ অহা পৰ্যটকৰ সংখ্যা প্ৰতি বছৰে বৃদ্ধি পাই আহিছে । ফিল্ম চিটিলৈ অহা পৰ্যটকসকলে সকলো ধৰণৰ সুবিধা উপভোগ কৰিব পাৰে । তেওঁ উল্লেখ কৰা মতে এমআইচিই ২০২৩ত ৰামোজী ফিল্ম চিটিৰ ষ্টল স্থাপন কৰি আৰএফচিয়ে দৰ্শনাৰ্থীসকলক প্ৰদান কৰা সুবিধাসমূহৰ প্ৰচাৰ কৰাৰ চেষ্টা কৰা হৈছে ।

লগতে পঢ়ক :Rosahanara Club seal : ব্ৰিটিছে স্থাপন কৰা ৰোশনাৰা ক্লাব বন্ধ, কৰ্মচাৰীৰ মাজত হাহাকাৰ

ABOUT THE AUTHOR

...view details