সবৰীমালা, 26 ডিচেম্বৰ : মাত্ৰ দুটা মাহত এটা মন্দিৰত সংগ্ৰহ হোৱা ৰাজহৰ পৰিমানে আচৰিত কৰি তুলিব আপোনাক ৷ কেৰালাৰ শৱৰিমালা শ্ৰী আয়াপ্পান মন্দিৰত দুমাহত সংগ্ৰহ হৈছে 200 কোটি টকা ৷ উল্লেখ্য যে শবৰীমালাত চলি থকা বাৰ্ষিক তীৰ্থযাত্ৰাৰ প্ৰথম পৰ্যায়ৰ অন্ত পৰিব 27 ডিচেম্বৰত ৷ শুভ মন্দালয় পূজাৰে সামৰণি মৰা হ’ব প্ৰথম পৰ্যায়ৰ বাৰ্ষিক তীৰ্থযাত্ৰা ৷
ভগৱান আয়াপ্পা মন্দিৰ পৰিচালনাৰ দায়িত্বত থকা মন্দিৰ সংস্থা ট্ৰাভাংকোৰ দেৱস্বম ব’ৰ্ডে (টিডিবি) মঙলবাৰে জনায় যে যোৱা ৩৯ দিনত অৰ্থাৎ ২৫ ডিচেম্বৰলৈকে মন্দিৰটোত সংগৃহীত ৰাজহৰ পৰিমান ২০৪.৩০ কোটি টকা ৷
মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি মন্দিৰ পৰিচালনাৰ দায়িত্বত থকা সংস্থটোৰ সভাপতি পি এছ প্ৰশান্তে কয় যে তীৰ্থযাত্ৰীসকলে কানিক্কা (অৰিহণা) হিচাবে আগবঢ়োৱা মুদ্ৰা গণনা কৰাৰ পিছত ৰাজহৰ পৰিমাণ অধিক বৃদ্ধি পাব ৷ সংবাদমেলযোগে জনোৱা অনুসৰি ২০৪.৩০ কোটি টকাৰ মুঠ ৰাজহৰ ভিতৰত ভক্তসকলে অৰিহণা হিচাবে ৬৩.৮৯ কোটি টকা আগবঢ়াইছিল আৰু ‘আৰাভানা’ (মিঠা নৈবেদ্য) বিক্ৰীৰ জৰিয়তে ৯৬.৩২ কোটি টকা সংগ্ৰহ কৰা হৈছিল ৷ ইয়াৰোপৰি তীৰ্থযাত্ৰীসকলক বিক্ৰী কৰা আন এক মিঠা সামগ্ৰী ‘আপ্পামে’ বিক্ৰীৰ জৰিয়তে ১২.৩৮ কোটি টকা সংগ্ৰহ কৰা হয় ৷