নিউজ ডেস্ক, ৭ ডিচেম্বৰ : তেলেংগানা ৰাজ্য গঠন হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনত কংগ্ৰেছে বিপুল বিজয়েৰে শাসন ক্ষমতা লাভ কৰিছে । এই বিজয়ৰ পিছত প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰেৱন্ত ৰেড্ডীয়ে বৃহস্পতিবাৰে ৰাজধানী হায়দৰাবাদৰ লালবাহাদুৰ শাস্ত্ৰী ষ্টেডিয়ামত ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব । সূত্ৰত প্ৰকাশ পোৱা অনুসৰি, ১২ গৰাকী মন্ত্ৰীয়ে ৰেড্ডীৰ সৈতে শপত গ্ৰহণ কৰিব ।
আনহাতে, এই অনুষ্ঠানত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, প্ৰাক্তন সভাপতি ছোনিয়া গান্ধী, কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধী, কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে অংশগ্ৰহণ কৰিব । তেলেংগানাৰ বিদায়ী মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱেও অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব বুলি সূত্ৰত প্ৰকাশ ।
ইয়াৰ উপৰি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়া আৰু টিডিপিৰ সভাপতি তথা অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুও অনুষ্ঠানটোত উপস্থিত থাকিব বুলি আশা কৰা হৈছে । শপত গ্ৰহণ অনুষ্ঠানত ১ লাখ লোকে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে । উল্লেখ্য যে তেলেংগানা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ বিজয়ৰ নেতৃত্ব দিয়া ৰেৱন্ত ৰেড্ডীয়ে দুখন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল । আসন দুখন হৈছে কামাৰেড্ডী আৰু কোদঙ্গল ।