নিউজ ডেস্ক,6 নৱেম্বৰ : অৱসৰপ্ৰাপ্ত ৰে’লৱে কৰ্মচাৰী মহাৰাষ্ট্ৰৰ নিৱাসী ৰোহিদাস চিন্দেৰ এক ব্যতিক্ৰমী পদক্ষেপ ৷ চাংগলীত ৰে’লৱেত চাকৰি কৰা ৰোহিদাস চিন্দেই অৱসৰ লোৱাৰ পাচতে নিজ বাসগৃহটো ৰে’লৰ আকৃতিৰে নিৰ্মাণ কৰিলে ৷
আৰম্ভণিতে তেওঁৰ ঘৰৰ সমীপত ৰে’ল ৰৈ থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছিল যদিও ভালদৰে প্ৰত্যক্ষ কৰাৰ পাচতে তেওঁৰ বাসগৃহটো ৰে’লৰ ডবাৰ আৰ্হিত সাজি লোৱাৰ কথা গম পোৱা গৈছে ৷ চিন্দেৰ এই কামে তেওঁৰ কৰ্মৰ প্ৰতি থকা নিষ্ঠাক স্পষ্টভাৱে অৱলোকন কৰিছে ৷