ত্ৰিপুৰা, 1 জুন :সমাগত ত্ৰিপুৰা বিধানসভা উপ-নিৰ্বাচন (Tripura By-election) ৷ নিৰ্বাচনৰ পূৰ্বে যুৱ কৰ্মীসকলক হিংসাত্মক কাৰ্যকলাপৰ পৰা বিৰত থাকিবলৈ আহ্বান ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড৹ মানিক সাহাৰ (Tripura CM Manik Saha warns youth workers) ৷ ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে নিযুক্ত হোৱাৰ পিছত ড৹ মানিক সাহাই ভাৰতীয় জনতা যুৱ মৰ্চাৰ (বিজেৱাইএম) নেতাসকলৰ লগতে কৰ্মীসকলক উপ-নিৰ্বাচনৰ সময়ত কোনো ধৰণৰ হিংসাত লিপ্ত নহ'বলৈ নিৰ্দেশ দি কঠোৰ সতৰ্কবাণী প্ৰদান কৰিছে (Tripura CM Manik Saha has asked workers to avoid violence)।
ড৹ সাহাই বুধবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত কৰ্মীসকলৰ সৈতে এক বৈঠকত মিলিত হয় ৷ মুখ্যমন্ত্ৰী হোৱাৰ পিছত ড৹ সাহাৰ এইখন প্ৰথম বৈঠক । এই বৈঠকৰ মূল আলোচ্য বিষয় ত্ৰিপুৰাৰ উপ-নিৰ্বাচন । দলটোৱে এই নিৰ্বাচনত কেনেদৰে জয়ী হ'ব পাৰে সেই সন্দৰ্ভতো এই বৈঠকত আলোচনা কৰা হয় ৷ এইসমূহৰ উপৰিও ড৹ সাহাই সাংগঠনিক বিষয়বোৰৰ সন্দৰ্ভতো আলোচনাত মিলিত হয় ৷ পূৰ্বতে দলটোত হোৱা কিছু ভুল বুজাবুজিৰ বাবে যুৱ মৰ্চাৰ বহুতো সদস্যই দলত্যাগ কৰিছিল ৷
সম্প্ৰতি মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক উপ-নিৰ্বাচনৰ পূৰ্বে যুৱক-যুৱতীসকলক দললৈ ঘূৰাই অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অনাগত দিনবোৰত আমাৰ দলটোক আমি কেনেদৰে শক্তিশালী কৰিব পাৰো এই বিষয়ে গুৰুত্ব আৰোপ কৰা উচিত ৷