নেশ্যনেল ডেস্ক, 4 জুন :ওড়িশাৰ ৰে’ল দুৰ্ঘটনাৰ পাচত জোৰদাৰ গতিত চলিছে ৰে’ল পথ নিৰ্মাণৰ কাম (Odisha Train accident) ৷ ক্ষতিগ্ৰস্ত ডবা আঁতৰাই পুনৰ ৰে’ল ট্ৰেক নিৰ্মাণৰ কাম দিনে নিশাই চলি আছে (Restoration works at Odisha train accident site) ৷ বালাচোৰত দুখন এক্সপ্ৰেছ ৰে’ল আৰু এখন মালবাহী ৰে’ল দুৰ্ঘটনাত পতিত হৈছিল, য'ত শ শ লোক নিহত আৰু সহস্ৰাধিক লোকৰ আহত হৈছিল ।
ইফালে ৰে'লৱে বিভাগৰ টুইটাৰত সদৰী কৰা অনুসৰি 7 খনৰো অধিক বৃহৎ বৃহৎ ক্ৰেন, দুখন সহায়কাৰী ৰে’ল নিৰ্মাণ কামত নিয়োজিত কৰা হৈছে । ৰে’ল মন্ত্ৰীয়ে টুইট কৰা অনুসৰি 1000 ৰ অধিক শ্ৰমিকে দিন ৰাতিক একাকাৰ কৰি পুনৰ মেৰামতিৰ কাম চলি থকা বুলি টুইটযোগে সদৰী কৰিছে (1000 workers doing restoration Day Night) ৷
শুকুৰবাৰৰ ক’ৰ’মণ্ডল আৰু বেংগালুৰু-হাওৰা এক্সপ্ৰেছ ৰে'লৰ দুৰ্ঘটনাত বৰ্তমানলৈকে 288 জন যাত্ৰী নিহত আৰু 1000 ৰো অধিক লোক আহত হৈছে । শনিবাৰে দুৰ্ঘটনাস্থলীত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Modi viste incident place) ৷ সমগ্ৰ দৃশ্য দেখি প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘এই দুৰ্ঘটনাটো বৰ্ণনা কৰিবলৈ কোনো শব্দ বিচাৰি পোৱা নাই’’ ৷