নেশ্যনেল ডেস্ক, 24 জানুৱাৰী:এক প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে যেগৱেষকসকলে এনে এবিধ ভেকচিনৰ ওপৰত কাম কৰি আছে যিয়ে মানুহক বেজী দিয়াৰ পৰিৱৰ্তে পান কৰিব পাৰিব ৷ য’ত নাকৰ লগতে মৌখিক ভেকচিনো অন্তৰ্ভুক্ত কৰা হৈছে(potable covid vaccine)। 'QYNDR' নামৰ ভেকচিনটোৱে প্ৰথম পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েল সম্পূৰ্ণ কৰিছে আৰু বৰ্তমান অধিক বিশদ, উন্নত ট্ৰায়েল চলাবলৈ অধিক ধন বিচাৰিছে যিয়ে প্ৰকৃততে ভেকচিনটোক বজাৰত বিক্ৰী কৰিবলৈ অনুমতি প্ৰদান কৰিব(covid 19 vaccine) ৷
চিএনইটিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, QYNDR vaccineৰ নিৰ্মাতা ইউ এছ স্পেচিয়েলিটি ফৰ্মুলেচনৰ প্ৰতিষ্ঠাপক কাইল ফ্লেনিগানে কয় যে, QYNDR ভেকচিনৰ নাম ‘কিণ্ডাৰ’, কাৰণ ই ভেকচিন প্ৰদানৰ এক সহজ উপায়(research on potable covid vaccine)। ইয়াৰ উপৰিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, নিউজিলেণ্ডৰ পৰা ক্লিনিকেল ট্ৰায়েলৰ ফলাফলে আশা প্ৰদান কৰিছে যে QYNDR এতিয়া প্ৰচলিত ক’ভিড-১৯ ভেৰিয়েণ্টৰ পৰা সুৰক্ষাৰ বাবে এক কাৰ্যকৰী বিকল্প হ’ব(QYNDR vaccine)।
আপোনাৰ পাচনতন্ত্ৰৰ জৰিয়তে ভেকচিনক গুণাগুণক জীৱিত ৰখাটো বাৰুকৈয়ে প্ৰত্যাহ্বানজনক বুলি ফ্লেনিগানে কয় । আমি ভেকচিনটো পেট আৰু অন্ত্ৰলৈ পঠিয়াব পাৰো আৰু ইয়াক ফলপ্ৰসূ কৰি সঠিক সঁহাৰি সৃষ্টি কৰিবলৈ সক্ষম হ’লোঁ(drinking covid vaccine) ।