নিউজ ডেস্ক,২৮ ফেব্ৰুৱাৰী: মহাৰাষ্ট্ৰৰ পুণেত লোমহৰ্ষক ঘটনা । পুণেস্থিত ৰাষ্ট্ৰীয় ৰাসায়নিক গৱেষণাগাৰৰ এগৰাকী গৱেষকক হত্যা কোনো অচিনাকী দুৰ্বৃত্তৰ । শনিবাৰে পুৱা পাশান অঞ্চলত প্ৰাতঃভ্ৰমণলৈ যোৱা লোকসকলে 30 বছৰীয়া গৱেষকগৰাকীৰ মৃতদেহ পৰিত্যক্ত অৱস্থাত প্ৰত্যক্ষ কৰে । ঘটনা সন্দৰ্ভত প্ৰাতঃ ভ্ৰমণকাৰীসকলে পুণে আৰক্ষীক অৱগত কৰে । ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকে ঘটনাস্থলীত আৰক্ষী আহি মৃতদেহটো উদ্ধাৰ কৰে ।
মৃতদেহটো উদ্ধাৰ কৰাৰ সময়ত আৰক্ষীয়ে গৱেষকগৰাকীৰ ডিঙিত চোকা অস্ত্ৰৰ আঘাতৰ চিন দেখা পোৱা বুলি জানিবলৈ দিয়ে । সম্ভৱতঃ ডিঙি ৰেপি হত্যা কৰা হৈছে বুলি আৰক্ষীয়ে ধাৰণা কৰিছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।