অসম

assam

ETV Bharat / bharat

ক’ভিডৰ প্ৰতিষেধকৰ Booster Doseৰ বাবে ভাৰতৰ গৱেষণা অব্যাহত - Covishield

ক’ভিডৰ প্ৰতিষেধকৰ Booster Doseৰ ক্ষেত্ৰত আমেৰিকা আৰু আন দেশৰ লগতে ভাৰতৰ চিকিৎসক-বিজ্ঞানীয়ে অব্যাহত ৰাখিছে গৱেষণা । এইমছ (AIIMS)তো অব্যাহত আছে গৱেষণা । অতিশীঘ্ৰে লোৱা হ'ব Booster Doseৰ ক্ষেত্ৰত সিদ্ধান্ত ।

Research being done globally
বুষ্টাৰ পালিৰ ক্ষেত্ৰত গৱেষণা অব্যাহত আছে ভাৰতৰ

By

Published : Jun 15, 2021, 9:48 PM IST

নেশ্যনেল ডেস্ক, ১৫ জুন :ক'ভিড প্ৰতিষেধকৰ Booster Dose সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য এইমছৰ (AIIMS) চিকিৎসকৰ । ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আন কেইবাখনো দেশত ক'ভিড প্ৰতিষেধকৰ দীঘলীয়া কাৰ্যকাৰীতা বজাই ৰখাৰ বাবে বুষ্টাৰ পালিৰ প্ৰয়োজন হ'ব নে নাই চাবলৈ গৱেষণা অব্যাহত আছে ।

এইমছ (AIIMS)ৰ জ্যেষ্ঠ চিকিৎসক ড৹ সঞ্জীৱ সিন্হাৰ মতে ভাৰতত টীকাকৰণ আৰম্ভ হোৱাৰ প্ৰায় পাঁচ মাহ হ'ল । নিজে সুৰক্ষিত হয় নে Booster doseৰ প্ৰয়োজন হ'ব তাৰ বাবে সকলোৱে চৰকাৰ, চিকিৎসক আৰু বিজ্ঞানীসকলৰ সিদ্ধান্তৰ অপেক্ষাত আছে ।

চিকিৎসকগৰাকীৰ মতে অহা দুই-তিনি মাহৰ ভিতৰত আন কিছুমান তথ্যও লাভ কৰিব । তেতিয়া Booster doseৰ ক্ষেত্ৰত সিদ্ধান্ত ল'ব পৰা যাব । তেওঁৰ মতে এইমছতো বুষ্টাৰ পালিৰ ক্ষেত্ৰত গৱেষণা চলি আছে সেয়ে সকলো গৱেষণাৰ অন্ততহে বুষ্টাৰ পালিৰ ক্ষেত্ৰত সিদ্ধান্ত ল'ব পৰা যাব ।

ক'ভিশ্বিল্ডৰ (Covishield) দুটা পালিৰ মাজৰ ব্যৱধান বৃদ্ধি সন্দৰ্ভতো চিকিৎসকগৰাকীয়ে মন্তব্য কৰাৰ লগতে ক'ভিডৰ প্ৰতি সজাগ হ'বলৈ আহ্বান জনায় । এনে জটিল সময়ত সকলোকে ঘৰৰ পৰাই কৰ্ম সম্পাদনৰ আহ্বান কৰাৰ লগতে যদিহে কাৰ্যালয়লৈ যাবলগীয়া হয় তেনেহ'লে একেলগে আহাৰ গ্ৰহণ নকৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক:বছৰৰ শেষৰ ফালে আমেৰিকা ভ্ৰমণৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী মোডীৰ

ABOUT THE AUTHOR

...view details