নেশ্যনেল ডেস্ক, 28 নৱেম্বৰ:অব্যাহত ছিল্কয়াৰা সুৰংগৰ উদ্ধাৰ অভিযান ৷উত্তৰাখণ্ডৰ উত্তৰকাশীৰ ছিল্কয়াৰাৰ নিৰ্মীয়মাণ সুৰংগত বন্দী হৈ থকা 41 জন শ্ৰমিক শীঘ্ৰে ওলাই আহিব বুলি আশাবাদী উদ্ধাৰকাৰী । শ্ৰমিকসকলক বাহিৰলৈ উলিয়াই অনাৰ বাবে যৎপৰোনাস্তি প্ৰয়াস চলায় থকা হৈছে । কিন্তু সন্মুখীন হৈ অহা বাধাৰ বাবে সেয়া সফল হৈ উঠা নাই । উদ্ধাৰকাৰী দলটোৱে সুৰংগটোত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ ওচৰলৈ যাবলৈ অহৰহ উদ্ধাৰ অভিযানত ব্যস্ত হৈ আছে । উদ্ধাৰ অভিযানে 17 তম দিনত ভৰি দিলে ।
মন কৰিবলগীয়া যে উত্তৰাখণ্ডৰ উত্তৰকাশী ছিল্কয়াৰা সুৰংগত 17 দিন আৱদ্ধ হৈ আছে সাতখন ৰাজ্যৰ শ্ৰমিক । সুৰংগটোৰ পৰা শ্ৰমিকসকলক উলিয়াই অনাৰ বাবে উদ্ধাৰ কাম পূৰ্ণগতিত চলি আছে আৰু ৰাজ্যৰ লগতে কেন্দ্ৰৰ সকলো সংস্থাই উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে । সুৰংগটো থিয়কৈৰ লগতে পথালিকৈও খান্দি থকা হৈছে । ভাৰতীয় সেনাইও উদ্ধাৰ কামত সহায় কৰিছে । সুৰংগটোত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ বাবে অক্সিজেন, খাদ্য আৰু মনোৰঞ্জনৰ ক্ষেত্ৰত বিশেষ যত্ন লোৱা হৈছে । চিকিৎসকৰ দলটোৱে শ্ৰমিকসকলক পৰামৰ্শ দি তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিছে ।