নেশ্যনেল ডেস্ক, ৭ অক্টোবৰ:মঙলবাৰে পুৱা উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ দ্ৰৌপদীৰ দণ্ডা-২ শৃংগত (Draupadi ka danda avalanche ) সংঘটিত হোৱা ভয়ংকৰ হিমস্খলনৰ (Avalanche in Uttarkashi) ফলত বহু কেইজন লোকৰ মৃত্যু হয় ৷ উত্তৰাখণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান অশোক কুমাৰে (Uttarakhand DGP Ashok Kumar) জানিবলৈ দিয়া মতে, হিমস্খলনৰ পাছতে মুঠ ৩০ টা উদ্ধাৰকাৰী দল সেই স্থানত মোতায়েন কৰা হৈছে । সম্প্ৰতি হিমস্খলনত মৃতকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে (Avalanche in Uttarkashi) ৷
শুকুৰবাৰলৈ 26 গৰাকী লোকৰ মৃতদেহ উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰে ৷ উদ্ধাৰ কৰা মৃতদেহকেইটাৰ ভিতৰত ৭ গৰাকী পৰ্বতাৰোহী বুলি জানিব পৰা গৈছে । মৃতদেহকেইটা হেলিকপ্টাৰৰ দ্বাৰা মাতলি হেলিপেডলৈ অনা হয় । মনকৰিবলগীয়া, বৃহস্পতিবাৰে ১৬ টা মৃতদেহ উদ্ধাৰ কৰা হৈছিল ৷ উদ্ধাৰ হোৱা মৃতদেহসমূহৰ ভিতৰত আছিল দুগৰাকী প্ৰশিক্ষকৰ লগতে ১৪ গৰাকী প্ৰশিক্ষাৰ্থীৰ মৃতদেহ ।
আৰক্ষী সঞ্চালক প্ৰধান অশোক কুমাৰে জানিবলৈ দিয়া মতে বৃহস্পতিবাৰলৈকে ১৩ জন পৰ্বতাৰোহী সন্ধানহীন হৈ আছিল । অৱশ্যে বতৰ বেয়া হোৱা বাবে উদ্ধাৰ কাৰ্য বন্ধ কৰিবলগীয়া হৈছিল যদিও শুকুৰবাৰে পুনৰ উদ্ধাৰ কাৰ্য চলোৱা হয় ৷