নেশ্যনেল ডেস্ক, 19 নৱেম্বৰ : উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগৰ দুৰ্ঘটনাই সম্প্ৰতি দেশজুৰি চৰ্চা লাভ কৰিছে ৷ উত্তৰাখণ্ডৰ উত্তৰকাশীৰ চিল্কীয়াৰাত আৱদ্ধ 41 জন শ্ৰমিক এতিয়াও জীৱন-মৰণৰ সৈতে যুঁজি আছে ৷ যোৱা 8 দিন ধৰি স্বাস্থ্য বিভাগে উদ্ধাৰ অভিযানৰ সমান্তৰালকে সুৰংগত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ হকে ঔষধ প্ৰেৰণ কৰিছে ৷
জানিব পৰা মতে, কিছু শ্ৰমিকে সুৰংগটোত আৱদ্ধ হোৱাৰ দিনৰ পৰা ভালদৰে টোপনি যাব পৰা নাই ৷ কেৱল এয়াই নহয়, খাদ্যৰ অভাৱৰ বাবে শ্ৰমিকসকলৰ মূৰৰ বিষ, পেটৰ বিষ আৰু কোষ্ঠ-কাঠিন্যৰ দৰে সমস্যাও আৰম্ভ হৈছে ৷
একে সময়তে, বিগত দিনসমূহত শ্ৰমিকসকলক বচাবলৈ ইন্দোৰৰ পৰা সহায় বিচৰা হৈছে ৷ অৱশ্যে, সেনাই সুৰংগটোত আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ বাবে সম্পূৰ্ণ দায়িত্ব লৈছে ৷ জানিব পৰা মতে, সুৰংগটোত আৱদ্ধ শ্ৰমিকসকলৰ পৰিধান কৰিবলৈ কাপোৰৰ লগতে টোপনি যাবলৈ সুৰক্ষিত স্থানৰ অভাৱ হৈছে ৷
শ্ৰমিকসকলে শুকান ফল খোৱাৰ ফলত সমস্যাত ভুগিছে :
আৱদ্ধ হৈ থকা শ্ৰমিকসকলক খাবৰ বাবে বাহিৰৰ পৰা কাজুবাদাম, আলমণ্ড, মাকৈৰ লগতে পানীয় প্ৰেৰণ কৰা হৈছে ৷ পাইপৰ জৰিয়তে অন্য কোনো ধৰণৰ খাদ্য প্ৰেৰণ কৰা সম্ভৱ নোহোৱাৰ বাবে তেওঁলোকক জীয়াই থাকিবলৈ শুকান ফল-মূলৰ বাদে অন্য খাদ্য প্ৰেৰণ কৰিব পৰা নাই ৷ আৱদ্ধ শ্ৰমিকসকলে শুকান ফল খাই থকাৰ ফলত তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটিছে ৷ পানী, অ'আৰএছ আৰু ফলৰ ৰস খোৱাৰ বাবে যোগান ধৰা হৈছে ৷
শেহতীয়াকৈ শ্ৰমিকসকলে কোম্পানীৰ বিষয়ববীয়াৰ সৈতে কথা পাতোতে খাদ্যৰ বাবে তেওঁলোকৰ বহুতৰে শৰীৰৰ অৱনতি হৈছে বুলি জানিবলৈ দিয়ে ৷ বেছি সংখ্যক শ্ৰমিকৰে পেটৰ বিষ আৰু কোষ্ঠ-কাঠিন্যৰ সমস্যাই দেখা দিছে ৷ ইয়াৰ পিচতে কোম্পানীটোৱে মুখ্য চিকিৎসা বিষয়া ডাঃ আৰচিএছ পানৱাৰক এই বিষয়ে অৱগত কৰে ৷
স্বাস্থ্য বিভাগে দাবী কৰা অনুসৰি, যদি যিকোনো প্ৰকাৰে গাখীৰ, কণী আৰু খাদ্য ভিতৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হয়, তেন্তে তেওঁলোকৰ স্বাস্থ্য যথেষ্ট পৰিমাণে উন্নত হ'ব পাৰে ৷
শ্ৰমিকসকলৰ স্বাস্থ্যৰ বিষয়ে চিকিৎসকসকলে কি কৈছে