নেশ্যনেল ডেস্ক,১৬ নৱেম্বৰ :যোৱা ১২ নৱেম্বৰৰ পৰা উত্তৰাখণ্ডৰ উত্তৰকাশীত নিৰ্মীয়মান সুৰংগৰ ভিতৰত আৱদ্ধ হৈ আছে ৪০ গৰাকী শ্ৰমিক । দীপাৱলীৰ পুৱাই উত্তৰকাশীৰ চিল্কিয়াৰাত নিৰ্মীয়মান সুৰংগৰ ভিতৰত ভূমিস্খলনৰ ফলত আৱদ্ধ হৈ পৰে শ্ৰমিকসকল । শ্ৰমিকসকলক উদ্ধাৰৰ বাবে প্ৰশাসনে প্ৰচেষ্টা অব্যাহত ৰাখিছে । তাৰ অংশস্বৰূপে সুৰংগটোত গধুৰ ড্ৰিলিং মেচিনৰ জৰিয়তে যুদ্ধকালীনভাৱে উদ্ধাৰৰ প্ৰচেষ্টা চলোৱা হৈছে ।
উল্লেখ্য যে উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাত যমুনোত্ৰীলৈ যোৱা তীৰ্থযাত্ৰীসকলৰ যাত্ৰাৰ সময় হ্ৰাস আৰু সহজ কৰি তুলিবলৈ এই সুৰংগটো নিৰ্মাণ কৰি থকা হৈছে । চিল্কিয়াৰাত নিৰ্মাণ কৰা সুৰংগটোৱে ধাৰাচুৰ পৰা যমুনোত্ৰীলৈ দূৰত্ব ২৬ কিলোমিটাৰ হ্ৰাস কৰিব । এই সুৰংগটো ব্ৰহ্মখাল আৰু যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত চিল্কিয়াৰা আৰু দানদাল গাঁৱৰ মাজত নিৰ্মাণ কৰা হৈছে ।
১২ নৱেম্বৰৰ পুৱা হঠাতে নিৰ্মীয়মান সুৰংগটোত ভূমিস্খলন হয় । ধ্বংসাৱশেষৰ বাবে সুৰংগটোৰ ভিতৰত শ্ৰমিকসকল আৱদ্ধ হৈ পৰে । চিল্কিয়াৰাৰ সুৰংগটোত ঝাৰখণ্ডৰ সৰ্বাধিক ১৫ জন শ্ৰমিক আৱদ্ধ হৈ আছে । উত্তৰ প্ৰদেশৰ ৮ জন আৰু ওড়িশাৰ ৫ জন শ্ৰমিক সুৰংগটোত আৱদ্ধ হৈ আছে । বিহাৰৰ ৪ জন, পশ্চিমবংগৰ ৩ জন, অসম আৰু উত্তৰাখণ্ডৰ ২ জনকৈ আৰু হিমাচল প্ৰদেশৰ এজন শ্ৰমিক সুৰংগটোৰ ভিতৰত আৱদ্ধ হৈ আছে । শ্ৰমিকসকলে যোৱা ৫ দিন ধৰি চিল্কিয়াৰাৰ এই সুৰংগটোৰ ভিতৰত আৱদ্ধ হৈ আছে ।
উত্তৰাখণ্ড চৰকাৰে উদ্ধাৰৰ বাবে সকলো প্ৰচেষ্টা চলাইছে । ইয়াৰ লগতে উদ্ধাৰৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰেও সহযোগিতা আগবঢ়াইছে । ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড, এনডিআৰএফ, এছডিআৰএফ, আইটিবিপি, বিআৰঅ' আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ দলে উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে । এই দলবোৰত ২০০ ৰো অধিক লোকে ২৪ ঘণ্টাই দিনে ৰাতিয়ে কাম কৰি আছে ।