নিউজ ডেস্ক , ২৯ জানুৱাৰী :শুকুৰবাৰে বিজয় চকত অনুষ্ঠিত হয় ভাৰতীয় সেনাৰ পৰম্পৰাগত বিটিং ৰিট্ৰিট অনুষ্ঠান । সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু আছিল এইবাৰৰ বিটিং ৰিট্ৰিট অনুষ্ঠান । কিয়নো পাকিস্তানৰ বিৰুদ্ধে ১৯৭১ চনৰ যুদ্ধত ভাৰতৰ বিজয়ৰ ৫০ বছৰ স্মৰণ কৰি 'স্বৰ্নিম বিজয়' শীৰ্ষক কাৰ্যসূচীৰ লগতে ২৬ টাকৈ বেণ্ডৰ প্ৰদৰ্শন কৰা হয় এই অনুষ্ঠানত । বেণ্ডৰ ধ্বনিয়ে উপস্থিত সকলোকে মুগ্ধ কৰা দেখা যায় ।
সমান্তৰালকৈ অনুষ্ঠানটোত পোন্ধৰটা সামৰিক বেণ্ড, ৰেজিমেন্টাল কেন্দ্ৰ আৰু বেটেলিয়নৰ পেপা আৰু ড্ৰামৰ বেণ্ডেও অংশগ্ৰহণ কৰে । ইয়াৰ উপৰিও, নৌবাহিনী, বায়ু সেনা আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (চিএপিএফ)ৰ বেণ্ডৰ দ্বাৰা বিশেষ প্ৰদৰ্শন কৰা হয় ।