অসম

assam

ETV Bharat / bharat

Parliament Winter session:লোকসভাত উত্থাপন হ'ব প্ৰজনন প্ৰযুক্তি বিধেয়ক - প্ৰজনন প্ৰযুক্তি বিধেয়ক 2020

শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনটোত লোকসভাত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে উত্থাপন কৰিব সহায়ক প্ৰজনন প্ৰযুক্তি (নিয়ন্ত্ৰণ) বিধেয়ক, ২০২০ (Reproductive Technology (Regulation) Bill, 2020)। উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ (দৰমহা আৰু সেৱাৰ চৰ্তাৱলী) সংশোধনী বিধেয়ক, ২০২১ (Salaries and Conditions of Service Amendment Bill, 2021) উত্থাপন কৰাৰো সম্ভাৱনা আছে ।

Parliament Winter session
লোকসভাত উত্থাপন হ'ব প্ৰজনন প্ৰযুক্তি বিধেয়ক

By

Published : Nov 30, 2021, 12:05 PM IST

নেশ্যনেল ডেস্ক, ৩০ নৱেম্বৰ :সোমবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিৱেশন (Parliament's Winter Session 2021) । এইবাৰ কেন্দ্ৰীয় চৰকাৰে কেইবাখনো নতুন বিধেয়ক উত্থাপন কৰিব । অধিৱেশনৰ প্ৰথম দিনটোতে বিৰোধীৰ তীব্ৰ হুলস্থূলৰ মাজতে কৃষি আইন বাতিল বিধেয়ক ২০২১ গৃহীত হয় (Farm Laws Repeal Bill 2021)। প্ৰথম দিনাই অধিৱেশন তিনিবাৰলৈ স্থগিত ৰাখিব লগীয়া হয় ।

ইয়াৰ মাজতে মঙলবাৰে অৰ্থাৎ অধিৱেশনৰ দ্বিতীয় দিনা লোকসভাত সহায়ক প্ৰজনন প্ৰযুক্তি (নিয়ন্ত্ৰণ) বিধেয়ক, ২০২০ উত্থাপন কৰাৰ সম্ভাৱনা আছে (Reproductive Technology (Regulation) Bill, 2020) । কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াই উত্থাপন কৰিব এই বিধেয়কখন । এই বিধেয়কৰ জৰিয়তে সহায়ক প্ৰজনন প্ৰযুক্তি ক্লিনিক আৰু সহায়ক প্ৰজনন প্ৰযুক্তি বেংকসমূহৰ নিয়ন্ত্ৰণ আৰু তত্বাৱধান, অপব্যৱহাৰ প্ৰতিৰোধ, সহায়ক প্ৰজনন প্ৰযুক্তি সেৱাৰ সুৰক্ষিত আৰু নৈতিক অনুশীলন আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন বিষয় উত্থাপন কৰা হ'ব ।

ইয়াৰ উপৰিও কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেন ৰিজিজুৱে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ ‘দৰমহা আৰু সেৱাৰ চৰ্তাৱলী সংশোধনী বিধেয়ক, ২০২১’ (Salaries and Conditions of Service Amendment Bill, 2021) উত্থাপন কৰাৰ সম্ভাৱনা আছে । বিধেয়কখনে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ (দৰমহা আৰু সেৱাৰ চৰ্তাৱলী) আইন, ১৯৫৪ আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ (সেৱাৰ দৰমহা আৰু চৰ্তাৱলী) আইন, ১৯৫৮ৰ পুনৰ সংশোধন কৰিব ।

লগতে পঢ়ক :Farm Laws Repeal Bill: লোকসভাত গৃহীত হ’ল কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক

For All Latest Updates

ABOUT THE AUTHOR

...view details