অসম

assam

ETV Bharat / bharat

Supriya Sule in Pune : দলৰ সিদ্ধান্তক লৈ অসন্তুষ্ট নহয় অজিত পাৱাৰ : সুপ্ৰিয়া চুলে - Supriya Sule in Pune

এনচিপিৰ শীৰ্ষ নেতৃত্বৰ সিদ্ধান্তক লৈ সুখী অজিত পাৱাৰ । পুনেত উপস্থিত হৈ এই মন্তব্য নৱনিযুক্ত কাৰ্যকৰী সভাপতি সুপ্ৰিয়া চুলেৰ (Supriya Sule in Pune)। পুনেত দলীয় কৰ্মীসকলক সাক্ষাৎ সুপ্ৰিয়া চুলেৰ ।

Supriya Sule in Pune
দলৰ সিদ্ধান্তক লৈ অসন্তুষ্ট নহয় অজিত পাৱাৰ

By

Published : Jun 12, 2023, 10:44 AM IST

নেশ্যনেল ডেস্ক,১২ জুন :শেহতীয়াকৈ নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ মুৰব্বী শৰদ পাৱাৰে দলৰ বাবে দুগৰাকীকৈ কাৰ্যকৰী সভাপতি নিযুক্তি দিয়ে (NCP new working president)। তাৰ ভিতৰত এগৰাকী হৈছে শৰদ পাৱাৰৰ কন্যা তথা সাংসদ সুপ্ৰিয়া চুলে । কিন্তু দলৰ মুৰব্বীৰ এই সিদ্ধান্তক লৈ দলৰ আন এগৰাকী জ্যেষ্ঠ নেতা অজিত পাৱাৰ অসন্তুষ্ট বুলি চৰ্চা চলিছে । পিছে এই ধৰণৰ খবৰক মিছা আখ্যা নৱনিযুক্তি সুপ্ৰিয়া চুলেৰ । নৱনিযুক্ত কাৰ্যকৰী সভাপতি সুপ্ৰিয়া চুলেয়ে দেওবাৰে তেওঁৰ সম্পৰ্কীয় ভাতৃ অজিত পাৱাৰৰ অসন্তুষ্টি হোৱাৰ দাবীক খণ্ডন কৰে ।

উল্লেখ্য যে ১০ জুনত এনচিপিৰ প্ৰতিষ্ঠা দিৱসত দলৰ মুৰব্বী শৰদ পাৱাৰে সুপ্ৰিয়া চুলে আৰু জ্যেষ্ঠ নেতা প্ৰফুল পেটেলক দলৰ কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়ে । এই দায়িত্বৰ উপৰিও চুলেক মহাৰাষ্ট্ৰৰ দায়িত্বত দিয়া হয় যাক অজিত পাৱাৰে পৰিচালনা কৰি আছিল ।

দেওবাৰে সংবাদ মাধ্যমৰ সন্মুখত চুলেয়ে কয় যে অজিত পাৱাৰ সুখী নহয় বুলি কোনে কৈছে । কোনোৱে তেওঁক এই বিষয়ে সুধিছে নেকি বুলিও তেওঁ প্ৰশ্ন কৰে । এই খবৰবোৰ মিছা বুলি তেওঁ দাবী কৰে (Ajit Pawar unhappy controversy)।

দলীয় মুৰব্বীয়ে তেওঁক দায়িত্ব দিয়াৰ পাছতে সুপ্ৰিয়া চুলে পুনেত উপস্থিত হয় আৰু কেইবাগৰাকী দলীয় কৰ্মীক সাক্ষাৎ কৰে । ইফালে দলীয় কৰ্মীসকলেও তেওঁক সম্বৰ্ধনা জনায় । দলটোৰ কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি হোৱাৰ পাছত এয়া চুলেৰ প্ৰথম পুনে ভ্ৰমণ আছিল । চুলে দেওবাৰে আবেলি পুনে চহৰৰ গান্ধী ভৱনত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে (Supriya Sule in Pune)।

ইয়াৰ পূৰ্বে শনিবাৰে অজিত পাৱাৰেও তেওঁৰ অসন্তুষ্টিৰ বাতৰি খাৰিজ কৰি কয় যে তেওঁ দলৰ সিদ্ধান্তত সুখী । পাৱাৰে উল্লেখ কৰা মতে কিছুমান সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি দলটোৱে কোনো দায়িত্ব নিদিয়াত তেওঁ অসন্তুষ্ট হৈছে । শৰদ পাৱাৰে পদত্যাগ কৰাৰ সময়তে সমিতিখন গঠন কৰা হৈছিল । সেই সময়ত দুটা পৰামৰ্শ দিয়া হৈছিল । প্ৰথমটো আছিল শৰদ পাৱাৰক তেওঁৰ পদত্যাগ প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ কৰা আৰু দ্বিতীয়টো আছিল সুপ্ৰিয়া চুলেক এগৰাকী কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়া । কিন্তু সমিতিৰ বাকী সদস্যসকলে শৰদ পাৱাৰক পদত্যাগ প্ৰত্যাহাৰ কৰিবলৈ প্ৰেৰিত কৰাৰ ওপৰত গুৰুত্ব দিবলৈ কৈছিল বুলি অজিত পাৱাৰে দাবী কৰে ।

লগতে পঢ়ক :Haryana bandh on 14th June : মল্লযুঁজাৰুসকলৰ প্ৰতিবাদৰ প্ৰতি সমৰ্থন জনাই ১৪ জুনত বন্ধ হাৰিয়ানা

ABOUT THE AUTHOR

...view details