অসম

assam

By

Published : Mar 30, 2021, 9:59 AM IST

ETV Bharat / bharat

দুৰ্বৃত্তৰ আক্ৰমণৰ বলি জ্যেষ্ঠ সাংবাদিক সজল কান্তি বৈদ্য

সোমবাৰে দক্ষিণ ত্ৰিপুৰাৰ বেলোনিয়া মহকুমাত দুৰ্বৃত্তৰ এটা দলে আক্ৰমণ কৰে জ্যেষ্ঠ সাংবাদিক সজল কান্তি বৈদ্যক ৷ জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে নিজ বাহনেৰে বেলোনিয়াৰ সৰামীমা অঞ্চল অভিমুখে গৈ থকা অৱস্থাত মটৰ চাইকেলত অহা দুৰ্বৃত্তৰ এটা দলে আদবাটতে আক্ৰমণ কৰে ৷

দুৰ্বৃত্তৰ আক্ৰমণৰ বলি জ্যেষ্ঠ সাংবাদিক সজল কান্তি বেদ্য
দুৰ্বৃত্তৰ আক্ৰমণৰ বলি জ্যেষ্ঠ সাংবাদিক সজল কান্তি বেদ্য

আগৰতলা,30 মাৰ্চ:পুনৰ দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ’ব লগা হ’ল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ ৷ সোমবাৰে দক্ষিণ ত্ৰিপুৰাৰ বেলোনিয়া মহকুমাত দুৰ্বৃত্তৰ এটা দলে আক্ৰমণ কৰে জ্যেষ্ঠ সাংবাদিক সজল কান্তি বৈদ্যক ৷

জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে নিজ বাহনেৰে বেলোনিয়াৰ সৰামীমা অঞ্চল অভিমুখে গৈ থকা অৱস্থাত মটৰ চাইকেলত অহা দুৰ্বৃত্তৰ এটা দলে আদবাটতে আক্ৰমণ কৰে ৷ দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত সাংবাদিক বৈদ্যক কোনে, কিয় আক্ৰমণ কৰিলে সেই সম্পৰ্কে এতিয়াও কোনো তথ্য পোহৰলৈ অহা নাই ৷

ভুক্তভোগী জ্যেষ্ঠ সাংবাদিক সজল কান্তি বৈদ্যই ইতিমধ্যে বেলোনিয়া থানাত এই সম্পৰ্কে দাখিল কৰিছে এজাহাৰ ৷ বৰ্তমান বেলোনিয়া চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে জ্যেষ্ঠ সাংবাদিক গৰাকী ৷

এই ঘটনাক তীব্ৰ ভাৱে গৰিহণা প্ৰদান কৰিছে ত্ৰিপুৰা ৱৰ্কিং জাৰ্ণেলিষ্ট এছ’চিয়েছনৰ লগতে সচেতন মহলে ৷

লগতে পঢ়ক:পুনৰ শিলচৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

ABOUT THE AUTHOR

...view details