অসম

assam

ETV Bharat / bharat

সম্পূৰ্ণ হোৱাৰ দিশে তাজমহলৰ মেৰামতি - ভাৰতীয় পুৰাতত্ব বিভাগ

বিশ্বৰ অন্যতম আশ্বৰ্য তাজমহলৰ এটা খুঁটা মেৰামতি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰতীয় পুৰাতত্ব বিভাগে ৷ সেয়ে প্ৰায় 120 দিনৰ ভিতৰত এটি খুঁটাৰ মেৰামতি কৰা হ’ব বুলি প্ৰকাশ কৰিছে বিভাগটোৰ বিষয়াসকলে ৷

Repair work on Taj Mahal minaret to be completed soon
তাজমহলৰ মেৰামতি

By

Published : Jan 2, 2021, 9:53 AM IST

আগ্ৰা,2 জানুৱাৰী:বিশ্ব প্ৰসিদ্ধ সপ্তম আশ্বৰ্যৰ ভিতৰত অন্যতম তাজমহলৰ চাৰিটা খুঁটাৰ ভিতৰত এটা খুঁটাৰ মেৰামতি কৰি থকা হৈছে ৷ 120 দিনৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰা হ’ব ৷ প্ৰাপ্ত তথ্য অনুসৰি, তাজমহলৰ দক্ষিণ-পশ্চিম খুঁটাটোৰ কিছু ক্ষতিসাধন হোৱাৰ বাবে মেৰামতি কৰি থকা হৈছে ৷ এই মেৰামতিৰ দায়িত্বত ন্যস্ত আছে ভাৰতীয় পুৰাতত্ব বিভাগৰ অধীনষ্ঠ সংৰক্ষণ বিভাগ ৷

তাজমহলৰ মেৰামতি সম্পূৰ্ণ হোৱাৰ দিশে

বিভাগটোৰ বসন্ত কুমাৰ স্বৰ্ণকাৰ নামৰ বিষয়াগৰাকীয়ে জনোৱা অনুসৰি, শীঘ্ৰে এই মেৰামতিৰ কাম সম্পন্ন কৰা হ’ব ৷ উল্লেখ্য যে, তাজমহলৰ এটা খুঁটা বৰষুণৰ পানী সোমাই নষ্ট হোৱাত মেৰামতিৰ প্ৰয়োজন হৈ পৰিছিল ৷ তদুপৰি তাজমহলৰ ভিতৰছোৱা এন্ধাৰ হৈ থকা বাবে পোহৰৰ ব্যৱস্থা কৰা হ’ব ৷ পূৰ্বে এই খুঁটাত সন্নিৱিষ্ট পাথৰসমূহ সলনি কৰা হ’ব বুলি স্বৰ্ণকাৰে কয় ৷ প্ৰায় 23 লাখ টকাৰ ব্যয় সাপেক্ষে এই মেৰামতি কৰা হ’ব ৷

তাজমহলৰ প্ৰতিটো খুঁটাৰ উচ্চতা 42.95 মিটাৰ ৷ খুঁটাসমূহৰ উচ্চতাৰ বাবে সামঞ্জস্য ৰাখি বাহিৰভাগৰ পাথৰ আৰু মাৰ্বলত সেউজীয়া ৰং কৰা হৈছে ৷ যি যমুনা নদীৰ পাৰৰ দিশত অৱস্থিত বুলি স্বৰ্ণকাৰে কয় ৷

লগতে চাওকঃপ্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী বুটা সিঙৰ পৰলোকপ্ৰাপ্তি

ABOUT THE AUTHOR

...view details