নিউজ ডেস্ক, ২২ ফেব্ৰুৱাৰী:কংগ্ৰেছ চৰকাৰৰ দিনৰ বন্ধ আৰু পথ অৱৰোধৰ কথাবোৰ মনত পেলাই দি, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুৰক্ষা, উন্নয়ন আৰু উন্নত যোগাযোগ ব্যৱস্থাৰ বাবে মণিপুৰত আকৌ এবাৰ বিজেপি চৰকাৰ প্ৰতিষ্ঠাৰ বাবে আহ্বান জনায় । প্ৰধান মন্ত্ৰীজনে মঙলবাৰে পূৱ ইম্ফল জিলাৰ হেইনাং বিধানসভা সমষ্টিৰ এক জনসভাত ভাষণ প্ৰদান কৰি এনেদৰে কয়(PM Narendra Modi in Manipur on Tuesday) । হেইনাং বিধানসভা সমষ্টিত মনিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিং এ বিজেপিৰ হৈ প্ৰতিদ্বন্দিতা কৰিছে । মুখ্যমন্ত্ৰী বিৰেন সিঙৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াইছে কংগ্ৰেছ দলৰ শৰতচন্দ্ৰ সিংহই ।
২০১৭ চনৰ আগৰ কংগ্ৰেছ চৰকাৰৰ অপশাসনৰ বিষয়ে সোৱঁৰাই দি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সেই দিনবোৰত মণিপুৰৰ সমগ্ৰ দেশতে জনাজাত আছিল বন্ধ আৰু পথ অৱৰোধৰ বাবে । কিন্তু বিজেপি চৰকাৰৰ দিনত এই বন্ধ আৰু অৱৰোধৰ সলনি ৰাজ্যখনত বিৰাজ কৰিছে শান্তি আৰু প্ৰগতিয়ে । যোৱা পাছটা বছৰত আমাৰ দলৰ চৰকাৰে মণিপুৰত সু-শাসনৰ জৰিয়তে অহা ২৫ বছৰৰ বাবে প্ৰগতিৰ এক বুনিয়াদ গঢ়াৰ চেষ্টা কৰিছে । এই ব্যৱস্থা চলাই নিবলৈ তথা বৰ্তাই ৰাখিবলৈ মণিপুৰত এখন সুস্থিৰ চৰকাৰৰ প্ৰয়োজনীয়তা খুবেই জৰুৰী, বুলি মোদীয়ে উল্লেখ কৰে ।
মণিপুৰত স্থায়ী শান্তি ঘূৰাই অনাৰ বাবে এইবাৰ ৰাজ্যখনত এক পূৰ্ণ বহুমতৰ চৰকাৰ প্ৰতিষ্ঠাৰ বাবে তেওঁ মণিপুৰৰ ভোটাৰ সকলক আহ্বান জনায় ।