অসম

assam

ETV Bharat / bharat

ভাৰতৰ প্ৰথমগৰাকী পৰম বীৰ চক্ৰ লাভ কৰা মেজৰ সোমনাথ শৰ্মাক স্মৰণ

মেজৰ সোমনাথ শৰ্মা ভাৰতীয় সেনাৰ সাহসী সেনা সকলৰ অন্যতম প্ৰতীক স্বৰূপ ৷ কাশ্মীৰৰ বুধগামত 1947 চনত কাবুলিৱালাৰ বেশত অহা একাংশ শত্ৰুক আগুৱাই অহাত বাধা দিয়াৰ ক্ষেত্ৰত নিজৰ পৰাক্ৰম দেখুৱাইছিল মেজৰ সোমনাথ শৰ্মাই ৷

Major Somnath Sharma: India remembers first recipient of Param Vir Chakra
ভাৰতৰ প্ৰথমগৰাকী পৰম বীৰ চক্ৰ লাভ কৰা সেনাক স্মৰণ

By

Published : Jan 31, 2021, 9:37 PM IST

নিউজ ডেস্ক, 31 জানুৱাৰী : ভাৰতৰ প্ৰথমগৰাকী পৰমবীৰ চক্ৰ লাভ কৰা ভাৰতীয় সেনাৰ মেজৰ সোমনাথ শৰ্মাক দেওবাৰে তেখেতৰ 98তম জন্মদিৱসত ভাৰতীয় সেনাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ মেজৰ সোমনাথ শৰ্মা ভাৰতীয় সেনাৰ সাহসী সেনা সকলৰ অন্যতম প্ৰতীক স্বৰূপ ৷ কাশ্মীৰৰ বুধগামত 1947 চনত কাবুলিৱালাৰ বেশত অহা একাংশ শত্ৰুক আগুৱাই অহাত বাধা দিয়াৰ ক্ষেত্ৰত নিজৰ পৰাক্ৰম দেখুৱাইছিল মেজৰ সোমনাথ শৰ্মাই ৷ যেতিয়ালৈকে এইগৰাকী বীৰৰ শৰীৰত উশাহ থাকিল, তেতিয়ালৈকে তেওঁ কোনো শত্ৰুকে এখোজ আগুৱাই আহিব দিয়া নাছিল ৷ সেই সময়ত কাশ্মীৰৰ এখন এয়াৰ ফিল্ডত আক্ৰমণ কৰিবলৈ কাবুলীৱালাৰ বেশত আহিছিল শত্ৰু ৷ শত্ৰু পক্ষৰ তুলনাত মেজৰ সোমনাথৰ লগত সেনাৰ সংখ্যা কম থকা স্বত্তেও এখোজ পিছুৱাই নাহি সেনাৰ সহায় নহালৈকে প্ৰায় 6 ঘণ্টা ধৰি উক্ত ঠাইত দেৱাল হৈ থকাৰ দৰে সাহেসেৰে শত্ৰুক বাধা দিছিল মেজৰ গৰাকীয়ে ৷

এইগৰাকী বীৰ সেনাৰ জন্ম হৈছিল 1923 চনৰ 31 জানুৱাৰীত দেবভূমি খ্যাত হিমাচল প্ৰদেশৰ কাংগ্ৰা জিলাত ৷ সোমনাথ শৰ্মাৰ পৰিয়ালত তেখেতৰ পিতৃ মেজৰ জেনেৰেল অমৰনাথ শৰ্মা, ভাতৃ লেফটেনেন্ট জেনেৰেল সুৰেন্দৰ নাথ শৰ্মা আৰু জেনেৰেল বিশ্বনাথ শৰ্মাই ভাৰতীয় সেনাৰ হৈ দেশ মাতৃৰ সেৱা আগবঢ়াইছে ৷

তেখেতৰ সোঁৱৰণত প্ৰত্যেক বছৰে ধৰ্মশালা আৰু কাংগ্ৰাত আজিৰ দিনটোত মেজৰ সোমনাথক স্মৰণ কৰি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ তদুপৰি ভাৰতীয় সেনাইয়ো বুধগামত শ্বহীদ হোৱা সৈন্যসকলৰ সোঁৱৰণতো শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে ৷

লগতে পঢ়ক: 'মন কী বাত'ত ভাৰতীয় ক্ৰিকটে দলক প্ৰশংসা মোডীৰ

ABOUT THE AUTHOR

...view details