নেশ্যনেল ডেস্ক, ১৯ এপ্ৰিল: দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, দেশত বৰ্তমানেও ৰেমডেচিবিৰ পৰ্যাপ্ত পৰিমাণে আছে আৰু দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতামূলক ব্যৱস্থা হিচাপে ইয়াৰ ৰপ্তানি নিষিদ্ধ কৰা হৈছে । মহাৰাষ্ট্ৰকে ধৰি কেবাখনো ৰাজ্য চৰকাৰে ৰেমডেচিবিৰ অভাৱৰ বিষয়ে অভিযোগ কৰাৰ পাচতে শ্বাহে এই মন্তব্য আগবঢ়ায় ।
দেওবাৰে গৃহমন্ত্ৰী গৰাকীয়ে কয় যে, সতৰ্কতামূলক ব্যৱস্থা হিচাপে ভাৰতে ৰেমডেচিবিৰৰ ৰপ্তানি নিষিদ্ধ কৰিছে । কিন্তু কৰ'ণাৰ দ্ৰুত সংক্ৰমণৰ বাবে আতংকিত হৈ দেশবাসীয়ে বৃহৎ পৰিমাণে এই ৰেমডেচিবিৰ ক্ৰয় কৰিছে । যাৰ ফলত বৰ্তমান ৰেমডেচিবিৰ অভাৱ হোৱা পৰিলক্ষিত হৈছে । চিকিৎসকৰ পৰামৰ্শ অনুসৰি দেশবাসীক ৰেমডেচিবিৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে ।