নেশ্যনেল ডেস্ক,২৯ মে':বিভিন্ন ৰাজ্যই কৰ'ণা সংকটৰ মাজত থকাৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰী মনসুখ এল মাণ্ডৱিয়াৰ বিশেষ ঘোষণা । মন্ত্ৰীগৰাকীৰ মতে ইতিমধ্যে কেন্দ্ৰই ৰাজ্যসমূহক এণ্টিভাইৰেল ঔষধ ৰেমডেচিভিৰৰ আৱণ্টন বন্ধৰ সিদ্ধান্ত লৈছে দিছে কিয়নো গুৰুত্বপূৰ্ণ ঔষধৰ চাহিদাতকৈ যোগান বেছি হৈছে ।
টুইটযোগে এই কথা সদৰি কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । ৰাসায়নিক আৰু সাৰ ৰাজ্যিক মন্ত্ৰীয়ে উল্লেখ কৰে যে ক'ভিডৰ চিকিৎসাৰ বাবে ব্যৱহৃত ঔষধৰ যোগান ১১ এপ্ৰিলত দৈনিক মাত্ৰ ৩৩,০০০ ভাইলৰ পৰা বৰ্তমান প্ৰতিদিনে ৩,৫০,০০০ ভাইললৈ বৃদ্ধি কৰা হৈছে ।
তেওঁ লগতে উল্লেখ কৰে যে, চৰকাৰে ৰেমডেচিভিৰ উৎপাদন কৰা প্লান্টৰ সংখ্যা এমাহৰ ভিতৰত মাত্ৰ ২০ ৰ পৰা ৬০ টালৈ বৃদ্ধি কৰিছে । ইয়াৰ উপৰিও কেন্দ্ৰই জৰুৰীকালীন প্ৰয়োজনীয়তাৰ বাবে কৌশলগত ষ্টক হিচাপে ৰক্ষণাবেক্ষণৰ বাবে ৰেমডেচিভিৰৰ ৫০ লাখ ভাইল ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছে ।