নেশ্যনেল ডেস্ক,৭ এপ্ৰিল: চিআৰপিএফৰ কোব্ৰা জোৱান ৰাকেশ্বৰ সিং মনহাছক শীঘ্ৰে মাওবাদীৰ কবলৰ পৰা সুৰক্ষিতভাৱে মুকলি কৰাৰ দাবীত জম্মুত বুধবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে জোৱানজনৰ আত্মীয় আৰু গাঁৱৰ ৰাইজে । জোৱানজনক মুকলি কৰাৰ ক্ষেত্ৰত চৰকাৰে পলম কৰাৰ অভিযোগ উত্থাপন কৰে ৰাকেশ্বৰ সিং মনহাছৰ পৰিয়ালে । উল্লেখ্য যে, শনিবাৰে সন্ধিয়া ছত্তিশগড়ত মাওবাদীৰে হোৱা সংঘৰ্ষৰ সময়ত ২২ গৰাকী জোৱানে প্ৰাণ হেৰুৱাইছিল ।
এই সংঘৰ্ষৰ সময়তে ৰাকেশ্বৰ সিং মনহাছ নামৰ এজন জোৱানক মাওবাদীয়ে অপহৰণ কৰে । জোৱানজনৰ ঘৰ জম্মু চহৰৰ উপকণ্ঠ অঞ্চল বৰ্ণাইৰ নেত্ৰকোঠী গাঁৱত । মঙলবাৰে চৰকাৰী কৰ্তৃপক্ষই নিশ্চিত কৰিছিল যে, মনহাছ এতিয়াও মাওবাদীৰ কবলতে আছে ।
বন্দী জোৱানজনৰ আত্মীয়সহ গাঁৱৰ লোকসকলে বুধবাৰে বৰ্ণাইত একত্ৰিত হৈ কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । এগৰাকী প্ৰতিবাদকাৰীয়ে ইটিভি ভাৰতৰ আগত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয় যে, বন্দী জোৱানজনৰ সুৰক্ষিত মুক্তি নিশ্চিত কৰিবলৈ চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । লগতে তেওঁলোকে গৃহমন্ত্ৰী অমিত শ্বাহকো বিভিন্ন শ্ল'গানেৰে সমালোচনা কৰে ।