অসম

assam

ETV Bharat / bharat

86 বৰ্ষীয় হ’ল দালাই লামা: ক্ৰমাৎ তীব্ৰ হৈ পৰিছে পুনৰ জনমৰ বিতৰ্ক - পৰৱৰ্তী দালাই লামা

এইবছৰ 86 বৰ্ষত ভৰি দিলে তিব্বতীয়ান ধৰ্মগুৰু দালাই লামা 14 য়ে ৷ ইয়াৰ লগে লগেই পৰৱৰ্তী দালাই লামা কোন হ’ব এই সন্দৰ্ভত বিতৰ্ক তীব্ৰতৰ হৈ পৰিছে ৷

Reincarnation debate gathers pace as Dalai Lama turns 86
86 বৰ্ষীয় হ’ল দালাই লামা

By

Published : Jul 6, 2021, 2:29 PM IST

নেশ্যনেল ডেস্ক, 6 জুলাই :6 জুলাইৰ দিনটো সমগ্ৰ বিশ্বৰে তিব্বতীয়ানসকলৰ বাবে এটা বিশেষ দিন ৷ কাৰণ এই দিনটোৱে হ’ল টেনজিন গিয়াষ্টো ওৰফে দালাই লামা 14ৰ (14th Dalai Lama) জন্মদিন ৷ এইবছৰ 86 বৰ্ষত ভৰি দিলে তিব্বতীয়ান ধৰ্মগুৰু গৰাকীয়ে ৷ তিব্বতীয়ানসকলে তেওঁৰ জন্মদিনটোত তেখেতৰ সু-স্বাস্থ্যৰ লগতে তেখেতৰ নেতৃত্বত মুক্ত তিব্বতৰ আশাৰে প্ৰাৰ্থনা কৰিবলৈ প্ৰস্তুতি চলাইছে ৷

দালাই লামা কেৱল তিব্বতীয়ানসকলৰ বাবে নহয় ভাৰত আৰু ইয়াৰ লোকসকলৰ বাবেও আপোন ৷ সম্প্ৰতি তেখেত হিমাচল প্ৰদেশত আশ্ৰয় গ্ৰহণ কৰি আছে ৷ পৃথিৱীত এনে অতি কমসংখ্যক লোক আছে, যি সমগ্ৰ বিশ্ববাসীৰ ওপৰত প্ৰভাৱ পেলাবলৈ সক্ষম হয় ৷ দালাই লামাই 1935 চনৰ 6 জুলাইত উত্তৰ-পূৱ তিব্বতৰ তাক্তাৰ আমদোৰ এটি সৰু বস্তিত জন্মগ্ৰহণ কৰিছিল ৷

তেখেত তিব্বতৰ আটাইতকৈ প্ৰভাৱশালী আৰু সৰ্ববৃহৎ পৰম্পৰা গেলুগপা পৰম্পৰাৰ (Gelugpa tradition)অন্তৰ্গত ৷ 1959 চনৰ তিব্বতীয়ান বিদ্ৰোহৰ সময়ত দালাই লামাই তিব্বতৰ পৰা পৰাই আহি ভাৰতৰ ধৰমশালাত আশ্ৰয় গ্ৰহণ কৰিছিল ৷ 1950 চনত যেতিয়া চীনে তিব্বতক আনুষ্ঠানিকভাৱে চীনৰ নিয়ন্ত্ৰণলৈ অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷

সেই সময়তে তিব্বতীয়ানসকলে চীনা শাসনৰ অন্ত বিচাৰি বিদ্ৰোহ আৰম্ভ কৰিছিল ৷ এই বিদ্ৰোহ চীনা সৈন্যই ধ্বংস কৰাৰ প্ৰয়াস কৰিছিল আৰু হাজাৰ হাজাৰ তিব্বেতিয়ানক হত্যা কৰা হৈছিল ৷ যদিও দালাই লামাই (Dalai Lama)সেই সময়ত তিব্বতৰ পৰা পলাই আহিবলৈ সক্ষম হৈছিল ৷

কিন্তু তেওঁ চীনা শাসনৰ পৰা মুক্ত তিব্বতৰ বাবে নিজৰ অভিযান অব্যাহত ৰাখিছিল ৷ বহু বছৰলৈকে দালাই লামাক মুক্ত তিব্বতৰ বাবে যুঁজ দিয়াসকলৰ বাবে এটি শক্তি আৰু প্ৰেণৰ উৎস হিচাপে গ্ৰহণ কৰা হৈছিল ৷ কিন্তু এতিয়া বছৰ বাগৰৰ লগে লগে তেখেতৰ উত্তৰাধিকাৰী কোন হ’ব প্ৰশ্নটো আৰু অধিক জটিল হৈ পৰিছে ৷

দালাই লামাই পুনৰ জন্মৰ ক্ষেত্ৰত থকা বুদ্ধৰ বিশ্বাসক অনুসৰণ কৰে ৷ গতিকে তেওঁ সেইটো দেহকহে নিজৰ উত্তৰসুৰী হিচাপে গ্ৰহণ কৰিব য’ত তেওঁ পুনৰ জনম লয় ৷ সেই ব্যক্তিগৰাকীয়ে হ’ব পৰৱৰ্তী দালাই লামা ৷ এই বিশেষ ব্যক্তিগৰাকী বিচাৰি উলিয়াবৰ বাবে তিনিটা প্ৰক্ৰিয়া আছে ৷

দালাই লামা কেনেদৰে বিচৰা হয় ?

  • এটি বিশেষ ঠাইৰ সপোন দেখা এগৰাকী ভিক্ষুৱে সেই শিশুটো চিনাক্ত কৰিব যিয়ে পুনৰ জনম গ্ৰহণ কৰিব ৷
  • সন্যাসীসকলে তিব্বতৰ পাহাৰত এটি অ’ৰেকল হ্ৰদৰ পৰামৰ্শ দিব ৷ তাত তেওঁলোকে হ্ৰদটোৱে তেওঁলোকক দিশ প্ৰদান কৰালৈ ধ্যান কৰিব ৷ দালাই লামা 14 কো এনেদৰে বিচাৰি উলিওৱা হৈছিল ৷ যেতিয়া তেওঁৰ বয়স মাত্ৰ 2 বছৰ আছিল ৷
  • তৃতীয় উপায়টো হ’ল দালাই লামাৰ মৃত্যুৰ পিছত তেওঁৰ চিতাৰ ধোৱাক অনুসৰণ কৰি শিশুটোৰ ঠাইত উপস্থিত হোৱা ৷

বাচনিৰ পিছত কি হ’ব ?

দালাই লামাই পুনৰ জনম ল’ব লগীয়া শিশুটো চিনাক্ত কৰাৰ পাচত শিশুটোক কেইবাটাও শিল্পকলা প্ৰদৰ্শন কৰা হ’ব ৷ ইয়াৰ কিছুমান পূৰ্বেৰ দালাই লামাৰ ৷ যদি এই শিশুটোৱে শুদ্ধ শিল্পকলা বাচনি কৰিবলৈ সক্ষম হয়, তেন্তে শিশুটোৰ দালাই লামাৰ পুনৰ জনম বুলি গণ্য কৰা হ’ব ৷

লগতে পঢ়ক-ইংলেণ্ডৰ প্ৰতিৰক্ষা ষ্টাফৰ মুৰব্বীক সাক্ষাৎ ভাৰতৰ সেনাপ্ৰধান নাৰাভানেৰ

ABOUT THE AUTHOR

...view details