অসম

assam

By

Published : Mar 10, 2022, 10:16 PM IST

ETV Bharat / bharat

মণিপুৰত আঞ্চলিক ৰাজনৈতিক চেতনাৰ ভেটি উছন

অৱশেষত মণিপুৰৰ ভোটাৰে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বিজেপিৰ ওপৰতে ন্যাস্ত কৰিলে ৰাজ্য শাসনৰ দায়িত্ব (BJP to form second consecutive government in Manipur)। বৃহস্পতিবাৰে ঘোষিত বিধানসভাৰ নিৰ্বাচনৰ ফলাফলে কাৰ্যত: সেই কথাকে আঙুলিয়াই দিলে । অৰ্থাৎ মনিপুৰত নতুন চৰকাৰ গঠন হ'ব এন বীৰেণ সিঙৰ নেতৃত্বতে ।

BJP to form second consecutive government in Manipur
মণিপুৰত আঞ্চলিক ৰাজনৈতিক চেতনাৰ ভেটি উছন

গুৱাহাটী, 10 মাৰ্চ: দেশে স্বাধীনতা লাভ কৰাৰ আগতে পৰা এক স্বকীয় আঞ্চলিক ৰাজনৈতিক ধাৰাৰ চিন্তাৰে আগবাঢ়ি অহা মণিপুৰত ইতিমধ্যে সেই চিন্তা -চেতনাৰ ছন্দ পতন ঘটিছে । বৃহস্পতিবাৰে ঘোষিত নিৰ্বাচনী ফলাফলে সেই কথা পুনৰবাৰ প্ৰমাণিত কৰিলে । যোৱা ২৮ ফেব্ৰুৱাৰী আৰু ৫ মাৰ্চত অনুষ্ঠিত হৈ যোৱা বিধানসভাৰ নিৰ্বাচনৰ ভোটৰ গ্ৰহণৰ বৃহস্পতিবাৰে পুৱাৰে পৰা ভোট গননা চলে আৰু এই পৰ্যন্ত পোহৰলৈ অহা তথ্য অনুসৰি শাসকীয় দল ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বতে চৰকাৰ গঠন হোৱাটো নিশ্চিত ।

বৰ্তমানৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ নেতৃত্বতে গঠন হ'ব পৰৱৰ্তী মণিপুৰ চৰকাৰ । অৰ্থাৎ এক কট্টৰ আঞ্চলিকতাবাদৰ পোষকতা কৰি‌ অহা মনিপুৰত আকৌ উৰিব ৰাষ্ট্ৰীয়তাবাদৰ জয়ধ্বজা । উত্তৰ-পূবৰ ৰাজনীতিত ই এক লক্ষনীয় ৰাজনৈতিক পৰিঘটনা হিচাবে বিবেচিত হৈছে । বৃটিছৰ আমোলত মণিপুৰ আছিল ৰজাৰ অধীনত এক স্বতন্ত্ৰ ৰাজ্য । স্বাধীনতাৰ পাছতো এক আঞ্চলিক ৰাজনৈতিক পৰিকাঠামো অব্যাহত ৰখা মণিপুৰ ভাৰতৰ লগত চামিল হোৱা দেশৰ শেষ ৰাজ্য । ১৯৫৬ চনত এই ভূখণ্ডক ইউনিয়ন টেৰিটৰিৰ মৰ্যাদা দিয়া হৈছিল আৰু পৃথক ৰাজ্যৰূপে গঠিত হৈছিল ১৯৭২ চনতহে ।

অতি লক্ষনীয়ভাৱে, এই সময়ৰ আগৰে পৰা মণিপুৰে ভাৰতীয় ৰাষ্ট্ৰ ব্যৱস্থাৰ আগ্ৰাসনৰ বিৰূদ্ধে বিদ্ৰোহ কৰি আহিছে । মণিপুৰ আৰু নাগালেণ্ডৰ আত্মনিয়ন্ত্ৰনৰ সশস্ত্ৰ সংগ্ৰামৰ পটভূমি মূলতঃ সেয়াই । কিন্তু অতি যোৱা দুটা দশকৰ ভিতৰত মেন এই ভূখণ্ডৰ ৰাজনৈতিক চেতনাৰ ক্ৰমাৎ বিলুপ্তি ঘটিছে । আজি ঘোষিত নিৰ্বাচনী ফলাফলত আঞ্চলিক ৰাজনৈতিক দল সমূহৰ শোচনীয় পৰাজয়ে এই কথা পুনৰবাৰ প্ৰমান কৰিছে ।

মনকৰিবলগীয়া যে, স্বকীয় আঞ্চলিক ৰাজনৈতিক ধাৰা অব্যাহত ৰখাৰ বাবে মণিপুৰ মাটিত সময়ে সময়ে গঠিত হৈ আহিছে অসংখ্য ৰাজনৈতিক দল । কিন্তু কালৰ গৰ্ভত এই ৰাজনৈতিক দলসমূহ মৃত্যু ঘটিছে আৰু ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ বুকুত বিলীন হৈছে । আজিৰে পৰা কিছু বছৰৰ আগলৈ মণিপুৰ ৰাজনীতি গৰম কৰি ৰখা ৰাজনৈতিক দল সমূহৰ অস্তিত্ব আজি বিচাৰি পাবলৈ নাই ।

ফেডাৰেল পাৰ্টি অৱ মণিপুৰ, মণিপুৰ ষ্টেট কংগ্ৰেছ পাৰ্টি, মণিপুৰ ষ্টেট কংগ্ৰেছ পাৰ্টি (চাওবা), মণিপুৰ নেছনেল কনফাৰেন্স, ডেমক্ৰেটিক ৰিভল্যুচনাৰী পিপলছ পাৰ্টি, জনতা দল (লোকেন) মণিপুৰ নেছনেলিষ্ট কংগ্ৰেছ, ডেমক্ৰেটিক পিপলছ পাৰ্টি, মনিপুৰ ৰিজনেল কংগ্ৰেছ পাৰ্টি, ইউনাইটেড নাগা ইন্ট্ৰিগেছন কাউন্সিল, মণিপুৰ হিলছ ইউনিয়ন, মণিপুৰ হিলছ পিপলছ কাউন্সিল, মনিপুৰ ইউনাইটেড ফৰ্ন্ট আদি স্থানীয় ৰাজনৈতিক দল ইতিমধ্যে পাহৰনিৰ গৰ্ভত লীন গৈছে (Regional parties sprang surprises in Manipur elections)। এই দলসমূহৰ অধিক সংখ্যক গঠিত হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছ বিভিন্ন সময়ত টুকুৰা টুকুৰ হৈ ।

ইয়াৰ পিছতো ৰাজ্যখনত আঞ্চলিক চেতনাৰে ভালেসংখ্যক ৰাজনৈতিক দল গঠিত হৈছে । সেই দলসমূহৰ ভিতৰত আছে মণিপুৰ পিপলছ পাৰ্টি, মণিপুৰ নেছনেল ডেমক্ৰেটিক ফৰ্ন্ট, মণিপুৰ পিপলছ কনফাৰেন্স, পিপলছ ৰিছাৰজেন্স এন্ড জাষ্টিচ এলায়েন্স, নৰ্থ ইষ্ট ইণ্ডিয়া ডেভেলপলেন্ট পাৰ্টি, নিখিল মনিপুৰ মহাসভা, ইউনাইটেড কমিটি মনিপুৰ, নাগা পিপলছ ফৰ্ন্ট, নাগা নেচনেল পাৰ্টি, কুকি নেছনেল এছেম্বলী আদি । ইয়াৰ উপৰিও ৰাজ্যখনত বাওঁপন্থী ৰাজনৈতিক ধাৰাৰ দলটো আছে যিসকলে ৰেডিকেল পদক্ষেপৰো পক্ষপাতী ।

কালেংপাক কমিউনিষ্ট পাৰ্টিৰ দৰে দলে তাৰ অস্তিত্ব ৰক্ষাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ‌। কিন্তু ভোটৰ ৰাজনীতিত তেলোকৰ ভুমিকা ক্ৰমাৎ সেৰেঙা হৈ আহিছে । মনিপুৰৰ ৰাজনৈতিক চেতনা আৰু ক্ষেত্ৰখনে কাৰ্যতঃ বিজেপিৰ দৰে ৰাষ্ট্ৰীয়তাবাদী ধাৰাৰ বিলীন হোৱাৰ পৰিঘটনা উত্তৰ-পূবৰ ৰাজনীতিত এক লক্ষনীয় কথা বুলি ইতিমধ্যে বিবেচিত হৈছে ।

আনকি আজি পুনৰবাৰ মুখ্যমন্ত্ৰী ৰ আসনত বহিবলৈ সাজু হোৱা এন বীৰেণ সিঙেও তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিল আঞ্চলিক দল ডেমক্ৰেটিক ৰিভল্যুচনাৰী পিপলছ পাৰ্টিৰ মজিয়াৰ পৰাহে । সেই পাৰ্টি এসময়ত কংগ্ৰেছৰ বুকুত বিলীন হৈছিল । বীৰেণ সিঙেও ক্ষমতাৰ ৰাজনীতিৰ কছৰতেৰে বিজেপিৰ জয়ধ্বজা উৰুৱাই দ্বিতীয়বাৰৰ‌ বাবে মুখ্য মন্ত্ৰীৰ আসনত বহিবলৈ সাজু হৈছে ।

লগতে পঢ়ক:UP Assembly Election 2022 : উত্তৰ প্ৰদেশ বিধান সভা নিৰ্বাচনৰ ফলাফল

ABOUT THE AUTHOR

...view details