নেশ্যনেল ডেস্ক, ১০ এপ্ৰিল: অতিমাৰীৰ কালচোৱাত বিগত বৰ্ষত দেশজুৰি হোৱা লক ডাউনৰ সময়ত এয়াৰ এছিয়াৰ বাতিল হোৱা ৯৯ শতাংশ বিমানৰ টিকটৰ ধন ঘূৰাই দিয়াৰ ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছে । শুকুৰবাৰে এয়াৰ এছিয়াই এই কথা ঘোষণা কৰে । এয়াৰ এছিয়াৰ মুখ্য বাণিজ্যিক বিষয়া অংকুৰ গাৰ্গে বিগত বৰ্ষৰ ২৫ মাৰ্চৰ পৰা ২৪ মে'লৈ লক ডাউনৰ সময়ত বাতিল হোৱা বিমানৰ ২,৪০,০০০ তকৈও অধিক পিএনআৰৰ ৯৯ শতাংশ ধন ঘূৰাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কয় । পোনপটীয়া বুকিঙৰ বাবে যাত্ৰীৰ একাউণ্ট বা ক্ৰেডিট কাৰ্ড, মধ্যস্থতাকাৰীৰ জৰিয়তে কৰা বুকিঙৰ বাবে অনলাইন বা অফলাইন ট্ৰেভেল এজেণ্টলৈ ধনৰাশি ঘূৰাই দিয়া হৈছে বুলি কয় বিষয়াগৰাকীয়ে । বিশেষকৈ ইণ্ডিগ’ এয়াৰলাইনছে প্ৰায় ১,০৩০ কোটি টকা ধন ঘূৰাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰে মুঠ পৰিমাণৰ প্ৰায় ৯৯.৯৫ শতাংশ পৰিশোধ কৰা হয় ।
উল্লেখ্য যে, বিগত বৰ্ষৰ ছেপ্তেম্বৰ মাহত দেশৰ উচ্চতম ন্যায়ালয়ে এয়াৰ লাইনছ কোম্পানীবোৰক ২৪ মে'ৰ ভিতৰত যিসকল যাত্ৰীয়ে বিমানৰ টিকট বুক কৰিছিল, সেইসকলৰ ভাড়া ঘূৰাই দিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল । অসামৰিক বিমান পৰিবহণৰ সঞ্চালক প্ৰধানে যোৱা ১৬ এপ্ৰিলত এয়াৰ লাইনছ কোম্পানীসমূহক ২৫ মাৰ্চৰ পৰা ১৪ এপ্ৰিললৈ লক ডাউনৰ প্ৰথম পৰ্যায়ত বুক কৰা টিকটৰ মূল্য ঘূৰাই দিবলৈ এক পৃথক জাননী জাৰি কৰিছিল ।