নেশ্যনেল ডেস্ক, ১৭ এপ্ৰিল: ২৬ জানুৱাৰীত দিল্লীৰ লালকিল্লাত সংঘটিত হোৱা হিংসাত্নক ঘটনাৰ সৈতে নাম সাঙোৰ খাই পৰা অভিনেতা দীপ সিদ্ধুক জামিন দিল্লীৰ এক আদালতৰ । নতুন কৃষি আইনৰ বিৰুদ্ধে যোৱা ২৬ জানুৱাৰীত প্ৰতিবাদী কৃষকসকলে ট্ৰেক্টৰ পেৰেডৰ সময়ত লালকিল্লাত হিংসাত্মক ঘটনাৰ সৃষ্টি কৰিছিল । লালকিল্লাৰ এই হিংসাত্মক ঘটনা সন্দৰ্ভত দীপ সিদ্ধুক যোৱা ৯ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰা হৈছিল । উল্লেখ্য যে, লালকিল্লাত কৃষকৰ পতাকা উত্তোলন কৰাৰ সময়ত দীপ সিদ্ধুৱে ফেচবুক লাইভ কৰিছিল আৰু সেই লাইভতে সিদ্ধুৱে প্ৰকাশ কৰিছিল 'আমি প্ৰতিবাদ সাব্যস্ত কৰাটো আমাৰ গণতান্ত্ৰিক অধিকাৰ সেয়ে আমি লালকিল্লাত কৃষকৰ পতাকা উত্তোলন কৰিছো' ।
লালকিল্লাৰ হিংসাত্নক ঘটনাৰে জড়িত অভিনেতা দীপ সিদ্ধুক জামিন - অভিনেতা দীপ সিদ্ধু
২৬ জানুৱাৰীত দিল্লীৰ লালকিল্লাত সংঘটিত হোৱা হিংসাত্নক ঘটনাৰ সৈতে নাম সাঙোৰ খাই পৰা অভিনেতা দীপ সিদ্ধুক জামিন দিল্লীৰ এক আদালতৰ ।
![লালকিল্লাৰ হিংসাত্নক ঘটনাৰে জড়িত অভিনেতা দীপ সিদ্ধুক জামিন অভিনেতা দীপ সিদ্ধু](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11434749-319-11434749-1618639545620.jpg)
গণৰাজ্য দিৱসৰ দিনা বিশাল ট্ৰেক্টৰ ৰেলীৰে কৃষি আইনৰ বিৰোধিতা কৰি দেশৰ কৃষক সকলে দিল্লীত সাব্যস্ত কৰিছিল প্ৰতিবাদ ৷ কিন্তু অনাকাংক্ষিতভাৱে এক হিংসাত্মক ঘটনাৰ ৰূপ লয় কৃষকৰ প্ৰতিবাদে ৷ লালকিল্লাত কৃষকৰ পতাকা উৰুৱাই সাব্যস্ত কৰা হৈছিল উত্তাল প্ৰতিবাদ ৷ যাৰ ফলত দেশৰ কৃষকৰ লগতে বহু নিৰাপত্তাৰক্ষীও আহত হৈছিল ৷ দিল্লীৰ লালকিল্লাত সংঘটিত হোৱা এই হিংসাত্মক ঘটনাৰ পাচতে দিল্লী আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি আৰম্ভ কৰিছিল তদন্ত ৷
লগতে পঢ়ক: কৰ’ণাৰ বাবে কুম্ভ মেলাক প্ৰতীকিভাৱে ৰখাৰ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ