অসম

assam

ETV Bharat / bharat

কপিল ছিবালে ত্যাগ কৰিলে কংগ্ৰেছ: সমাজবাদী পাৰ্টীৰ সমৰ্থনত ওলাইছে ৰাজ্যসভালৈ - কপিল ছিবালে ত্যাগ কৰিলে কংগ্ৰেছ

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা কপিল ছিবালে ত্যাগ কৰিলে কংগ্ৰেছ (Kapil Sibal quits Congress)। সমাজবাদী পাৰ্টিৰ সমৰ্থনত ৰাজ্যসভাৰ বাবে মনোনয়ন দাখিল কৰিলে কপিল ছিবালে ৷

Congress
সমাজবাদী পাৰ্টিৰ সমৰ্থনত চিবালৰ মনোনয়ন

By

Published : May 25, 2022, 5:42 PM IST

নেশ্যনেল ডেস্ক,২৫ মে' :প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছ নেতা কপিল চিবালৰ কংগ্ৰেছ ত্যাগৰ (Kapil Sibal quits Congress) পাছতে কংগ্ৰেছ দলত তীব্ৰ খলকনিৰ সৃষ্টি হৈছে । কিন্তু কংগ্ৰেছ ত্যাগ কৰি সমাজবাদী পাৰ্টিৰ সমৰ্থনত ৰাজ্যসভাৰ মনোনয়ন দাখিলৰ পাছতে আন এক চৰ্চা আৰম্ভ হৈছে (Kapil Sibal files Rajya Sabha nomination)। এই সন্দৰ্ভত দিল্লী কংগ্ৰেছৰ মুৰব্বী অনিল চৌধুৰীয়ে কয় যে এতিয়া প্ৰমাণ হৈছে যে কপিল চিবালে ব্যক্তিগত স্বাৰ্থৰ বাবে কংগ্ৰেছ নেতৃত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল । তেওঁ উল্লেখ কৰা মতে তেওঁলোকে পূৰ্বৰে পৰা জানিছিল যে চিবালে দল ত্যাগ কৰিব ।

তেওঁ অভিযোগ কৰা মতে চিবালক কংগ্ৰেছে সংসদলৈ পঠিয়াইছিল কিন্তু তেওঁ দলীয় কৰ্মীসকলক উপেক্ষা কৰিছিল আৰু নেতৃত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল । প্ৰাক্তন সাংসদ তথা উত্তৰ প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাজেশ মিশ্ৰাইও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কপিল চিবালৰ দল ত্যাগে কংগ্ৰেছত কোনো প্ৰভাৱ নপৰে । তেওঁৰ মতে দিল্লীত ভোট লাভ কৰিব নোৱাৰা এগৰাকী নেতাই ৰাষ্ট্ৰীয় স্তৰত দলটোৰ ক্ষতি কৰিব নোৱাৰিব ।

উল্লেখ্য যে কেৱল চিবাল বুলিয়ে নহয় দলৰ কেইবাগৰাকী শীৰ্ষ নেতাই ইতিমধ্য দল ত্যাগ কৰিছে । যাৰ বাবে দলটোত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । পঞ্জাৱৰ প্ৰাক্তন মুৰব্বী সুনীল জাখৰ আৰু গুজৰাটৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি হাৰ্দিক পেটেলৰ দৰে নেতাক হেৰুৱালগীয়া হৈছে দলটোৱে ।

ইয়াৰ পূৰ্বে, প্ৰাক্তন আইন মন্ত্ৰী অশ্বিনী কুমাৰে পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ ত্যাগ কৰিছিল । আনহাতে প্ৰাক্তন মন্ত্ৰী আৰ পি এন সিং আৰু জিতেন প্ৰসাদে উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলটোৰ পৰা পদত্যাগ কৰিছিল । ইফালে চিবালে এনেকুৱা এটা সময়ত পদত্যাগ কৰিছে যিটো সময়ত ছোনিয়া গান্ধীৰ নেতৃত্বত দলটোৱে পুনৰুজ্জীৱিতকৰণৰ বাবে চেষ্টা চলাই আছে । শেহতীয়াকৈ ১৩-১৫ মে'লৈ অনুষ্ঠিত কংগ্ৰেছৰ চিন্তন শিবিৰতো উপস্থিত নাছিল চিবাল ।

আনহাতে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ উপস্থিতিত চিবালে মনোনয়ন পত্ৰ দাখিল কৰাৰ লগে লগে কংগ্ৰেছ আৰু প্ৰাক্তন সহযোগী এছপিৰ মাজত বিবাদৰ সৃষ্টি হোৱাৰো সম্ভাৱনা আছে । এইখিনিতে উল্লেখ কৰিব লাগিব যে চিবাল কংগ্ৰেছৰ বাবে এগৰাকী প্ৰভাৱশালী নেতাই নহয় এগৰাকী প্ৰসিদ্ধ অধিবক্তাও আছিল । যিয়ে উচ্চতম ন্যায়ালয়ৰ বিভিন্ন গোচৰত কংগ্ৰেছক ৰক্ষা কৰিছিল ।

লগতে পঢ়ক :PM Modi's visit to Hyderabad: অধিক কটকটীয়া কৰা হৈছে হায়দৰাবাদৰ নিৰাপত্তা ব্যৱস্থা

ABOUT THE AUTHOR

...view details