নেশ্যনেল ডেস্ক, ২৫ ডিচেম্বৰ: আজি দেশ তথা বিশ্বৰ ভিন্ন প্ৰান্তত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিছে পবিত্ৰ বৰদিন । খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ মাজত বৰদিন উপলক্ষে দেখা গৈছে পাৰভঙা উছাহ । শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটযোগে বৰদিনৰ শুভেচ্ছা জনায় (Christmas greetings from PM Modi) । তেওঁ সেৱা, দয়া আৰু নম্ৰতাৰ ভাৱ নিহিত হৈ থকা যীশুখ্ৰীষ্টৰ আদৰ্শৰ বিষয়ে সুঁৱৰে ৷ লগতে সমাজত ভাতৃত্ববোধৰ ধাৰা অব্যাহত থকাৰ কামনা কৰে ।
ইয়াৰ লগতে সকলোৰে সু-স্বাস্থ্য কামনা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । ক'ভিড প্ৰট'কল মানি দেশৰ ভিন্ন প্ৰান্তত বৰদিন পালন কৰা হৈছে । কৰ্ণাটক, পশ্চিমবংগ, গোৱা, মহাৰাষ্ট্ৰ, হিমাচল প্ৰদেশ, পুডুচেৰীৰ কেইবাটাও গীৰ্জাত বৰদিন উপলক্ষে মাজনিশা প্ৰাৰ্থনা জনায় খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে । শান্তি-সমৃদ্ধিৰ কামনাৰে প্ৰাৰ্থনা জনায় সকলোৱে । বৰদিন উপলক্ষে আটক ধুনীয়াকৈ সজাই তোলা হৈছে গীৰ্জাসমূহ ।