নেশ্যনেল ডেস্ক, 13 নৱেম্বৰ : সমাগত গুজৰাট বিধানসভাৰ নিৰ্বাচন (Gujarat Election 2022) ৷ যিমানেই নিৰ্বাচনৰ দিন চমু চাপি আহিছে, সিমানেই তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ মাজত ৷ 1 ৰ পৰা 5 ডিচেম্বৰলৈ দুটা পৰ্যায়ত হ’ব লগা এই নিৰ্বাচনৰ ভোটগণনা হ’ব 8 ডিচেম্বৰত ৷
ইফালে গুজৰাট বিধানসভা নিৰ্বাচনৰ পূৰ্বে, বিজেপিত বিদ্ৰোহ তীব্ৰতৰ হোৱা পৰিলক্ষিত হৈছে ৷ তথ্য অনুসৰি, বৰ্তমানৰ এজন বিধায়ক আৰু চাৰিজন প্ৰাক্তন বিধায়কে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰাৰ ভাবুকি প্ৰদান কৰিছে ৷ অৱশ্যে বিজেপিৰ ৰাজ্যিক গোটে এই পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে, গুজৰাট বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে বৰ্তমানলৈকে মুঠ 182 টা বিধানসভা সমষ্টিৰ ভিতৰত 166 খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে (Gujarat Assembly polls) । য’ত কিছু অসন্তুষ্টি প্ৰকাশ কৰিছে দলৰ কেইগৰাকীমান নেতাই ৷ অসন্তুষ্টি প্ৰকাশ কৰা দলৰ নেতাকেইগৰাকীয়ে উল্লেখ কৰা অনুসৰি, সমৰ্থকসকলৰ সৈতে পৰামৰ্শ কৰাৰ পিছতহে পৰৱৰ্তী পদক্ষেপ কি হ’ব সেয়া নিশ্চিত হ’ব ৷
বিজেপিৰ প্ৰাক্তন বিধায়ক হৰ্ষদ বাসৱে (Former BJP MLA Harshad Vasava) শুকুৰবাৰে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছিল । হৰ্ষদ বাসৱ হৈছে বিজেপিৰ গুজৰাট গোটৰ অনুসূচীত জনজাতি মৰ্চাৰ সভাপতি ৷ তেওঁ 2002 চনৰ পৰা 2007 চনলৈ আৰু 2007 ৰ পৰা 2012 চনলৈ পূৰ্বৰ ৰাজপিপলা আসনৰ (Rajpipla seat) প্ৰতিনিধিত্ব কৰিছিল ।
ইফালে গুজৰাটৰ নৰ্মদা জিলাৰ নান্দোদ আসনখন বৰ্তমান কংগ্ৰেছৰ দখলত আছে । বিজেপিয়ে এই আসনৰ পৰা ড৹ দৰ্শন দেশমুখক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । এই ঘোষণাত অৱশ্যে অসন্তুষ্টি প্ৰকাশ কৰিছে হৰ্ষদ বাসৱে ৷ যাৰ বাবে তেওঁ বিজেপি ত্যাগ কৰি শুকুৰবাৰে নান্দোদ আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে ।
অৱশ্যে মনোনয়নৰ পিছত বাসৱে কয়, ‘‘বিজেপি দলত একাংশ ভুৱা বিজেপি আছে । যিসকলে প্ৰতিশ্ৰুতিবদ্ধ শ্ৰমিকসকলক একাষৰীয়া কৰি নৱাগতসকলক গুৰুত্বপূৰ্ণ পদ প্ৰদান কৰিছে ৷ আমি তেওঁলোকৰ নাম উন্মোচিত কৰিম । মই মোৰ পদত্যাগপত্ৰ দললৈ ইতিমধ্যে প্ৰেৰণ কৰিছোঁ । এই অঞ্চলৰ মানুহে জানে যে, 2002 ৰ পৰা 2012 চনৰ ভিতৰত মই বিধায়ক হিচাপে কিমান কাম কৰিছো’’ ৷ লগতে তেওঁ কয়, ‘‘সমৰ্থকসকলে বিচাৰিলে মই নিৰ্দলীয়ভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিম’’ ৷