নেশ্যনেল ডেস্ক, ১২ এপ্ৰিল: সোমবাৰে গুজৰাট উচ্চ ন্যায়ালয়ে কৰ'ণাসৃষ্ট পৰিস্থিতি আৰু ৰাজ্যবাসীয়ে সন্মুখীন হোৱা সমস্যা প্ৰসংগত বিজয় ৰূপানী নেতৃত্বাধীন চৰকাৰক সমালোচনা কৰে । উচ্চ ন্যায়ালয়ে কয় যে, মহামাৰীয়ে সৃষ্টি কৰা সমস্যা সন্দৰ্ভত চৰকাৰে কৰা দাবী আৰু বাস্তৱ পৰিস্থিতিৰ মাজত কোনো সাদৃশ্য নাই ।
মুখ্য ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ ভাৰ্গৱ কাৰিয়াৰ বিচাৰপীঠে ৰাজ্যখনৰ কৰ'ণাসৃষ্ট পৰিস্থিতি সন্দৰ্ভত নিজাববীয়াকৈ লোৱা এক ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ শুনানিৰ সময়ত কয় যে, "মানুহে এতিয়া ভাৱে যে তেওঁলোক ঈশ্বৰৰ কৃপাত জীয়াই আছে ।" অধিবক্তা কমল ত্ৰিবেদীয়ে গুজৰাট চৰকাৰে COVID-১৯ মহামাৰীৰে মোকাবিলা কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উচ্চ ন্যায়ালয়ক অৱগত কৰে ।
ইয়াৰ পিছত আদালতে কয় যে, চৰকাৰে কোৱাৰ দৰে পৰিস্থিতি বাস্তৱ পৰিস্থিতিতকৈ সম্পূৰ্ণ বেলেগ । ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে গ্ৰহণ কৰা শুনানিৰ সময়ত বিচাৰপীঠে কয় যে, চৰকাৰে কৈছে যে সকলো ঠিকেই আছে । কিন্তু চৰকাৰে দাবী কৰাৰ দৰে সকলো ঠিকে থকা নাই । ন্যায়ালয়ে লগতে কয় যে, তেওঁলোকে পৰ্যবেক্ষণ কৰা মতে, বৰ্তমান মহামাৰীৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে চৰাকাৰে লোৱা পদক্ষপৰ ওপৰত বিশ্বাস নোহোৱা হৈছে গুজৰাটবাসীৰ ।