নেশ্যনেল ডেস্ক , 17 অক্টোবৰ :ৰাজনৈতিক স্বাৰ্থত শত্ৰু ও মিত্ৰলৈ পৰিৱৰ্তিত হোৱাৰ কথা প্ৰমাণ কৰি আইপিএফটিয়ে(Indigenous People’s Front of Tripura) ত্ৰিপুৰাৰ জনজাতীয় অঞ্চলসমূহৰ এক প্ৰভাৱশালী ৰাজনৈতিক শক্তি টিপ্ৰা মথা(Tipra Motha) ৰ সৈতে সংযুক্ত হোৱাৰ এক প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ মূলতঃ নিজৰ ৰাজনৈতিক ভাগ্য সলনি কৰাৰ উদ্দেশ্য় আগত ৰাখি আইপিএফটি এনেদৰে আগবাঢ়ি আহিছে বুলি বহুতে মত মোষণ কৰিছে ৷ উল্লেখ্য যে, সদ্যসমাপ্ত টিটিএএডিচি নিৰ্বাচনত (TTAADC election) দুয়োটা দলেই পৰস্পৰক প্ৰতিদ্বন্দ্বীতা কৰিছিল ৷ আইপিএফটি পৰাজয়ৰ সন্মুখীন হোৱাৰ লগে লগে জনজাতীয় ৰাজনীতিত দুয়োটা দল চিৰ প্ৰতিদ্বন্দী হিচাপে পৰিগণিত হৈছিল ৷
শাসনাধিষ্ঠিত চৰকাৰৰ মিত্ৰজোঁটৰ অংশীদাৰ হোৱা স্বত্বেও আইপিএফটিৰ সাধাৰণ সম্পাদক Mevar Kumar Jamatia ই শনিবাৰে টিপ্ৰা মথা, আইপিএফটি (Tipraha) আৰু একে ভাৱধাৰাৰ জনজাতি আধাৰিত দল তথা বেচৰকাৰী সংগঠনসমূহৰ সৈতে এক মাৰাথন বৈঠকৰ আয়োজন কৰে ৷ অন্যান্য বিশিষ্ট জনজাতীয় নেতাসকলৰ লগতে টিপ্ৰা মথাৰ অধ্যক্ষ প্ৰদ্যুত কিশোৰ মাণিক্য(Tipra Motha chairman Pradyot Kishore Manikya), দলৰ সভাপতি BK Hrangkhawl আদিয়েও বৈঠকত অংশ লয় ৷ সংবাদমাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি প্ৰদ্যুৎ দেৱবৰ্মনে কয় যে, বৈঠকখনৰ যথেষ্ট গুৰুত্ব আছে, কিয়নো বৃহত্তৰ টিপ্ৰালেণ্ড(Tipraland) ৰ স্বাৰ্থত জনজাতীয় দলসমূহে একেলগ হৈ আগবঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
চাৰি ঘণ্টাধৰি চলি থকা বৈঠকত টিপ্ৰালেণ্ডৰ বাবে এখন যুটীয়া আন্দোলন সমিতি(Joint Movement Committee) গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি দেৱবৰ্মনে জানিবলৈ দিয়ে ৷ টিপ্ৰা ভূমিৰ আন্দোলনক আগুৱাই নিয়াৰ বাবে অতি সোনকালেই সৰু আকাৰৰ সমিতিখন গঠন কৰা হ'ব বুলিও তেওঁ মন্তব্য কৰে ৷