নেশ্যনেল ডেস্ক, 1 আগষ্ট: ভাৰতৰ সৈতে সকলো সমস্যা সমাধানৰ বাবে ইচ্ছা প্ৰকাশ কৰি শান্তি আলোচনাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ৷ ভাৰতৰ সৈতে শান্তি আলোচনাৰ প্ৰস্তাৱ আগবঢ়াই শ্বাহবাজ শ্বৰীফে কয় যে দুয়োখন দেশৰ বাবে ‘যুদ্ধ এটা বিকল্প নহয়’, কিয়নো দুয়োখন দেশে দৰিদ্ৰতা আৰু নিবনুৱা সমস্যা সমাধানৰ বাবে যুঁজ দি আছে ৷
সোমবাৰে ইছলামাবাদত চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰ (চিপিইচি) আন্তঃগাঁথনি প্ৰকল্পৰ শুভাৰম্ভৰ দশম বাৰ্ষিকী উপলক্ষে আয়োজন কৰা অনুষ্ঠানত পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘‘আমাৰ কাৰো বিৰুদ্ধে একো নাই, আমি নিজেই নিজৰ চোৱাচিতা কৰিব লাগিব । আমি তেওঁলোকৰ (ভাৰতৰ) সৈতে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ বিষয়ে আলোচনা কৰিবলৈ প্ৰস্তুত, কিয়নো যুদ্ধ কোনো বিকল্প নহয় ৷’’
তেওঁ আৰু কয়, ‘‘পাকিস্তান হৈছে এক পাৰমাণৱিক শক্তি ৷ কিন্তু পাৰমাণৱিক শক্তি আক্ৰমণকাৰী হিচাপে নহয় ৷ আমাৰ প্ৰতিৰক্ষাৰ উদ্দেশ্যে যোৱা 75 বছৰত আমি তিনিখন যুদ্ধ কৰিলো ৷ কিন্তু ইয়াৰ পৰিণতি কি হ’ল ৷ ই অধিক দৰিদ্ৰতা আৰু নিবনুৱা সৃষ্টি কৰিলে ৷’’